বোকাখাতৰ জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতালৈ দিগদৰ্শন প্ৰকাশনৰ সংবাদ প্ৰহৰী সন্মান :
 
                            বোকাখাতৰ জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতালৈ দিগদৰ্শন প্ৰকাশনৰ সংবাদ প্ৰহৰী সন্মান :
Aiidesh News  :  27 September  : 
বোকাখাতৰ জেষ্ঠ সাংবাদিক তথা বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতালৈ যোৰহাটৰ দিগদর্শন প্ৰকাশনৰ তৰফৰ পৰা ২০২১ বৰ্ষৰ বাবে সংবাদ প্ৰহৰী সন্মান আগবঢ়োৱা হৈছে ৷ অহা ১০ অক্টোবৰত যোৰহাট বিজ্ঞান কেন্দ্র আৰু তাৰকা গৃহ প্রেক্ষাগৃহত অনুষ্ঠিত হব লগীয়া দিগদৰ্শন প্ৰকাশনৰ অষ্টদশ বর্ষপূর্তি অনুষ্ঠানত সাংবাদিক গৰাকীক এই সন্মান প্ৰদান কৰিব বুলি প্ৰকাশন প্ৰতিষ্ঠানৰ তৰফৰ পৰা জনোৱা হৈছে ৷ উক্ত অনুষ্ঠানতে চৰাইদেউ জিলাৰ সাপেখাঁতীৰ  বিশিষ্ট লেখিকা  ৰাণু ফুকনক ২০২১ বৰ্ষৰ দিগদর্শন বঁটা প্ৰদান কৰা হ'ব ৷ সুদীৰ্ঘ দিন ধৰি ৰাজ্যৰ সংবাদক্ষেত্ৰলৈ আগবঢ়োৱা সেৱাৰ বাবেই ভৱানন্দ কলিতালৈ এই সন্মান আগবঢ়োৱা হৈছে বুলি জানিব পৰা গৈছে ৷ ভৱানন্দ কলিতা বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি হোৱাৰ উপৰিও ৰাজ্য আগশাৰীৰ সংগঠন অল আচাম প্ৰেছ ক'ৰচপণ্ডেন্ট ইউনিয়ন চমুকৈ আপকুৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত ৷ বোকাখাতৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতেও সাংবাদিক ভবানন্দ কলিতা জড়িত ৷ সাংবাদিকতাৰ উপৰিও ভবানন্দ কলিতা এজন সুলেখক আৰু ইউ টিউবাৰো ৷ শেষতীয়াকৈ তেখেতে নিজাববীয়াকৈ এটা ইউ টিউব চেনেলো মুকলি কৰিছে ৷ ভৱানন্দ কলিতালৈ দিগদৰ্শন প্ৰকাশনৰ তৰফৰ পৰা আগবঢ়োৱা সংবাদ প্ৰহৰী সন্মানৰ বাবে বোকাখাত প্ৰেছ ক্লাবৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনোৱা হয় ৷
*********
 
                        


 Aiidesh News
                                    Aiidesh News                                 
                 
                 
                 
                 
                 
                 
                

 
         
         
         
         
         
        
 
         
         
 
 
         
         
         
         
         
         
         
 
         
         
         
 
 
         
         
         
         
								 
								 
 
								 
								 
 
								 
								 
								 
								
