বোকাখাতত আৱকাৰীৰ তালাচী : অভিযান কালত চিমেন্টৰ গাড়ীত ওলাল বিলাতী সুৰাৰ শ শ বটল :

বোকাখাতত আৱকাৰীৰ তালাচী  : অভিযান কালত চিমেন্টৰ গাড়ীত ওলাল বিলাতী সুৰাৰ শ শ বটল  :
Aiidesh Photo

 Aiidesh News  : 21 May  2024  : 

বোকাখাতত চিমেন্ট কঢ়িয়াই অনা ট্ৰাকৰ মাজত  ওলাল শ শ কাৰ্টুন অৰুণাচলী সুৰা । চিমেন্টৰ ট্ৰাকত অতি কৌশলেৰে কঢ়িয়াই আনিছিল বিলাতী সুৰা । প্ৰাপ্ত বাতৰি মতে গোলাঘাট আবকাৰী বিভাগৰ অধীক্ষক শিৱাশীষ পালৰ নেতৃত্বত বোকাখাত আবকাৰী বিভাগৰ পৰিদৰ্শক শ্ববনাচ মেহবুব আৰু বিভাগীয় কৰ্মচাৰীৰ এটা দলে নুমলীগড়ত নাকা চেকিং কৰি থকা অৱস্থাত এন এল ০১ এ ই ৫৩৯৩ নম্বৰৰ ট্ৰাক খনতো তালাচী চলায় ৷ তালাচীৰ সময়ত ট্ৰাক খনৰ পিছফালে চিমেণ্টৰ মাজত বিলাতী সুৰাৰ কাৰ্টুন দেখা পাই অভিযানকাৰী দলে গাড়ীখন বোকাখাতত থকা আৱকাৰী বিভাগৰ কাৰ্যালয়লৈ আনে । পৰৱৰ্তী সময়ত ট্ৰাক খনৰ পৰা ১৪৫ বেগ চিমেণ্ট আৰু ৯৩০ কাৰ্টুন অৰুণাচলী সুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে যোৱা নিশা প্ৰায় ৯-৩০ বজাত নুমলীগড় চাহ ফেক্টৰীৰ সমীপৰ ৩৯ ৰাষ্ট্ৰীয় পথত আবকাৰী বিভাগে এই তালাচী চলাইছিল । ইতিমধ্যে আবকাৰী বিভাগে বিলাতী সুৰাৰ সৈতে ট্ৰাক খন জব্দ কৰাৰ লগতে ট্ৰাক খনৰ চালক দিলীপ মাহাত্ব'ক গ্ৰপ্তাৰ কৰিছে । 

***********