আৰণ্যকৰ উদ্যোগত মৰিগাঁও জিলাত আৰক্ষী বিষয়াসকলৰ বাবে বন্যপ্ৰাণী অপৰাধ সম্পৰ্কীয় সজাগতা কর্মশালা :

আৰণ্যকৰ উদ্যোগত মৰিগাঁও জিলাত আৰক্ষী বিষয়াসকলৰ বাবে বন্যপ্ৰাণী অপৰাধ সম্পৰ্কীয় সজাগতা কর্মশালা  :
Aiidesh Photo

Aiidesh News : 3 July  : 

ৰাজ্যখনৰ সংৰক্ষিত বনাঞ্চলৰ বাহিৰত বন্যপ্ৰাণী অপৰাধ সম্পৰ্কীয় গোচৰৰ তদন্তৰ ক্ষেত্ৰত  আৰক্ষীৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । এনে ক্ষেত্ৰত বন্যপ্রাণী অপৰাধ সম্পৰ্কীয় যিকোনো গোচৰৰ তদন্ত আৰু গোচৰ প্ৰস্তুতৰ ক্ষেত্ৰত আৰক্ষী আৰু বন বিষয়াসকলৰ মাজত সমন্বয় থকাতো অতিপ্ৰয়োজনীয় ৷ নহলে এনে গোচৰৰ অপৰাধীয়ে আইনৰ সুৰুঙাৰে শাস্তি নোপোৱাকৈ সাৰি যাব পাৰে । ২ জুলাইত মৰিগাঁওত দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ উদ্যোগত আৰু মৰিগাঁও আৰক্ষীৰ বিশেষ সহযোগত জিলাখনৰ আৰক্ষী বিষয়াসকলৰ বাবে আয়োজিত বন্যপ্ৰাণী অপৰাধ প্রশমন সম্পৰ্কীয় এক কর্মশালাত এনেদৰে মন্তব্য কৰে বন্যপ্ৰাণী অপৰাধ অনুসন্ধান বিশেষজ্ঞ ৰাহুল দত্তই ৷

বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰনত আৰক্ষীৰ কৰনীয় বিষয়ক এই বিশেষ কৰ্মশালাত মৰিগাওঁ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক পৰিদৰ্শক, উপ-পৰিদৰ্শক পদবীৰ ৩০ জনৰো অধিক আৰক্ষী বিষয়াই অংশগ্ৰহণ কৰে ৷

এই কৰ্মশালাত উপস্থিত থাকি মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপর্ণা নটৰাজনে কয় যে বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায় কেৱল আৰক্ষী আৰু বনকৰ্মীৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা সম্ভৱ নহয় যেতিয়ালৈকে বন্যপ্ৰাণীৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া লোক আৰু সংগঠনসমূহৰো পাস্পৰিক সহযোগিতা নাথাকে । আৰক্ষী অধীক্ষক গৰাকীৰ মতে যে যদিও বন্যপ্ৰাণী অপৰাধ আৰক্ষী বিভাগৰ মুখ্য বিষয় নহয়  তথাপিও এই ব্যৱসায় ড্ৰাগছ, অস্ত্ৰ আৰু মানৱ সৰবৰাহৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত হোৱাৰ বাবে আৰক্ষীয়ে এনে অপৰাধক যথাযথ গুৰুত্ব দিয়া অতি প্ৰয়োজন ।

কৰ্মশালাত অংশ গ্ৰহনকাৰী আৰক্ষী বিষয়া সকলক উদ্দেশ্যে দিয় ভাষণত আৰণ্যকৰ মুখ্য কাৰ্যবাহী বিষয়া তথা বিশিষ্ট গঁড় সংৰক্ষণ বিশেষজ্ঞ ড০ বিভব কুমাৰ তালুকদাৰে কয় যে, যেতিয়া সামাজিক অস্থিৰতা থাকে তেতিয়া বন্যপ্ৰাণীৰ অপৰাধো  তীব্ৰ গতিত বৃদ্ধি হয় আৰু এই সময়ত এই অপৰাধ নিয়ন্ত্ৰণত ৰখাৰ বাবে বন আৰু আৰক্ষী বিষয়াসকলৰ মাজৰ সমন্বয় অতি প্রয়োজন ।

মৰিগাওঁৰ এই কৰ্মশালাত অংশগ্ৰহন কৰা জ্যেষ্ঠ অধিবক্তা প্রশান্ত চৌধুৰীয়ে বন্যপ্ৰাণী অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ দেশৰ আইনৰ দ্বাৰা আৰক্ষীৰ ওচৰত দিয়া ক্ষমতা আৰু দায়বদ্ধতাৰ বিষয়ে আলোচনা কৰে । 

*******