এচিয়া কাপ মহিলা ক্ৰিকেটৰ ভাৰতীয় এ দলক প্রতিনিধিত্ব কৰা উমা ছেত্ৰীক বোকাখাতত ৰাজহুৱা সম্বৰ্ধনা :

এচিয়া কাপ মহিলা ক্ৰিকেটৰ ভাৰতীয় এ দলক প্রতিনিধিত্ব কৰা  উমা ছেত্ৰীক বোকাখাতত ৰাজহুৱা সম্বৰ্ধনা  :

এচিয়া কাপ মহিলা ক্ৰিকেটৰ ভাৰতীয় এ দলক প্রতিনিধিত্ব কৰা  উমা ছেত্ৰীক বোকাখাতত ৰাজহুৱা সম্বৰ্ধনা  : 

Aiidesh News  : 28 June 2023  :

হংকংত অনুষ্ঠিত হৈ যোৱা এছিয়া কাপ মহিলা ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতীয় "এ" দলৰ প্ৰতিনিধিত্ব কৰা বোকাখাতৰ জীয়ৰী উমা ছেত্ৰীক আজি বোকাখাতৰ প্ৰায় ডেৰকুৰি দল সংগঠনে উস্ম আদৰণি আৰু সম্বৰ্ধনা  জনায় ।

বোকাখাতৰ নাট্যমন্দিৰ প্ৰাংগনত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্ম্মা ৰাজখোৱাই আতঁ ধৰা এই সম্বৰ্ধনা অনুষ্ঠানত বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, জেষ্ঠ নাগৰিক চৈয়দ আনিচুৰ ৰহমান, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত , বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভবানন্দ কলিতা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি বিপুল বৰাকে ধৰি ভালে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । সভাত পৌৰপতি ৰত্নেশ্বৰ বৰুৱাই শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায় । অনুষ্ঠানত উমা ছেত্ৰীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি পিতৃ মাতৃ আৰু ৰাইজৰ আৰ্শীবাদ গ্ৰহন কৰি ভাৰতীয় মূল দলৰ  হৈ খেলিবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি মন্তব্য কৰে । শেষত ৰুদ্ৰ ছেত্ৰীয়ে সকলোকে শলাগ জ্ঞাপন কৰে । 

আজি সম্বৰ্ন্ধনা অনুষ্ঠানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি, বোকাখাত নাট্য মন্দিৰ, বোকাখাত মহকুমা সাংবাদিক সংস্থা, বোকাখাত প্ৰেছ ক্লাব, চাহ জনগোষ্ঠী সাহিত্য সভা, বোকাখাত পৌৰসভা, কৰ্মচাৰী পৰিষদ বোকাখাত জিলা, পুৱতি সাহিত্য সভা, অসম ছাত্ৰ পৰিষদ বোকাখাত বিধান পৰাষদ, জাতীয়তাবাদী যুৱ পৰিষদ বোকাখাত জিলা, নেপালী সাহিত্য সভা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা মৰঙী আঞ্চলিক,টি এম পি কে, সোনালী মহিলা সমিতি, গোৰ্খা ছাত্ৰ সন্থা বোকাখাত জিলা, বোকাখাত আঞ্চলিক কৰ্মচাৰী পৰিষদ, মুকক, বোকাখাত মহকুমা পালনাম সমিতি, টাই আহোম ছাত্ৰ সন্থা, অসম চাহ জনজাতি মহিলা সমিতি,অগপ মহিলা পৰিষদ,জে ডি এচ জি শিক্ষক গাট,প্ৰাক্তন ছাত্ৰ সন্মিলন,বোকাখাত জিলা মইনা পাৰিজাত, বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা,  বৰভেটা গ্ৰাম্য সংগঠন আদি বিভিন্ন সংগঠনে উমা ছেত্ৰীক ফুলাম গামোছা, সঁফুৰা, মানপত্ৰ আৰু উপহাৰৰ টোপোলাৰে সম্বৰ্ন্ধনা জনায় । মহিলা ক্ৰিকেটাৰ গৰাকীৰ লগতে অনুষ্ঠানত তেখেতৰ মাতৃ, প্ৰশিক্ষকদ্বয় ক্ৰমে ৰাজা ৰহমান আৰু স্বপন ঘোষকো সন্মান জনোৱা হয় । 

*******