যোৰহাট সদৰ থানাৰ লক আপত ৰহস্যজনক ভাবে আচামী মৃত্যু | আৰক্ষীৰ ভাষ্য আত্মহত্যা |

যোৰহাট সদৰ থানাৰ লক আপত ৰহস্যজনক ভাবে আচামী  মৃত্যু | আৰক্ষীৰ ভাষ্য আত্মহত্যা |
যোৰহাট সদৰ থানাৰ লক আপত ৰহস্যজনক ভাবে আচামী  মৃত্যু | আৰক্ষীৰ ভাষ্য আত্মহত্যা |

যোৰহাট সদৰ আৰক্ষী থানাত  বুধবাৰে পুৱতি নিশা  এজন আচামীৰ  ৰহস্যজনক ভাবে মৃত্যু হোৱা ঘটনাই সমগ্র  যোৰহাটতে চাঞ্চল্য সৃষ্টি হৈছে । আৰক্ষী অধীক্ষক অংকুৰ জৈনে সংবাদ মাধ্যমত জনোৱা মতে  অভিযুক্ত যুৱক জনে থানাৰ লক আপৰ ভিতৰৰ শৌচালয়ত এটা ব্ৰাছত মেৰীয়াই থোৱা এখন কাপোৰেৰে  কাপোৰেৰে ফাঁচি লৈ আত্মহত্যা কৰা বুলি জানিবলৈ দিছে । যুৱক জনৰ ঘৰ বিহাৰত যদিও  যোৰহাট কবৰস্থান পথত ভাৰাতীয়া হিচাপে থাকে নাম  চাৰ্বিৰ  আনচাৰী (২৩) । উল্লেখ্য যে  মবাইল  চুৰি কৰাৰ অভিযোগত মঙ্গলবাৰে দিনৰ ভাগত যুৱক জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি থানালৈ আনিছিল আৰু এটা মোবাইল উদ্ধাৰো হৈছিল  । নিশা যোৰহাট মেডিকেল কলেজ হস্পিতালত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত প্ৰায় দুইমান  বজাত এই  ঘটনা সংঘটিত হোৱা বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিছে । নিশাই  আৰক্ষীয়ে মৃতদেহ যোৰহাট মেডিকেল কলেজ হস্পিতাললৈ  লৈ যোৱা হয় । সদৰ থানাত  আৰক্ষী অধীক্ষক অংকুৰ জৈন উপস্থিত হৈ ঘটনাৰ সবিশেষ বুজ লৈ জিলা দণ্ডাধীশৰ দ্বাৰা তদন্ত কৰোৱা হব বুলি আৰক্ষী অধীক্ষজনে উল্লেখ কৰে । উল্লেখ্য যে যুৱক জনে ড্ৰাগছ খোৱা বুলিও অভিযোগ উত্থাপন হৈছে । আনহাতে যুৱক জনৰ আত্মীয়ই অভিযোগ কৰে যে যুৱকজনক মাৰ - ধৰ কৰাৰ ফলত মৃত্যু হৈছে । যিহেতু আৰক্ষীয়ে নিজেই স্বাস্থ্য পৰীক্ষা কৰোৱাই আনি থানাৰ লকআপত ৰখা থৈছিল  । আৰু আৰক্ষীয়ে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপিত হৈছে ।