কাজিৰঙাৰ কঁহৰা বনাঞ্চলত গঁড়ৰ আক্ৰমনত বনকৰ্মী আহত :

কাজিৰঙাৰ কঁহৰা বনাঞ্চলত গঁড়ৰ আক্ৰমনত বনকৰ্মী আহত :
Aiidesh Photo

 

Aiidesh New : 13 February - 2024 :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে এজন বনকৰ্মী ৷ কহঁৰা বনাঞ্চলৰ বকপৰা বন শিবিৰ এলেকাত কৰ্তব্যৰত সময়তে গঁড় আক্ৰমনত আহত হয় পিংকু চন্দ্ৰ নাথ নামৰ বনকৰ্মীজন ৷ জানিব পৰা মতে ৰূপহী নামৰ বিভাগীয় হাতীত উঠি ইকৰানিত কৰ্তব্য পালন কৰি থকা অৱস্থাত এজনী পোৱালি থকা গঁড়ে খেদি আহে ৰূপহীক ৷ গঁড়ৰ আক্ৰমণত কৰাৰ সময়ত মাউত অতীন্দ্ৰ ৰাভা আৰু বনকৰ্মী পিংকু চন্দ্ৰ নাথ হাতীৰ পৰা বগৰি পৰে ৷  গঁড়ৰ এই আচম্বিত আক্ৰমনত ৰূপহীয়ে পলায়ন কৰাত পৰি যোৱা মাউত অতীন্দ্ৰ ৰাভা আৰু  বনকৰ্মী পিংকু চন্দ্ৰ নাথক আক্ৰমণৰ লক্ষ কৰে গঁড়জনীয়ে ৷ গঁড়ৰ আক্ৰমনত সৌভাগ্যক্ৰমে মাউত অতীন্দ্ৰ ৰাভা ৰক্ষা পৰে যদিও পিংকু চন্দ্ৰ নাথ গুৰুত্বৰভাৱে আহত হয় ৷ এই আক্ৰমনত ইকৰাণীৰ মাজত পৰি যোৱা পিংকু চন্দ্ৰ নাথৰ বন্দুকটো পিচত বনকৰ্মীয়ে উদ্ধাৰ কৰে ৷

গঁড়ৰ আক্ৰমনত আহত হোৱা বনকৰ্মী পিংকু চন্দ্ৰ নাথক বন বিভাগৰ উদ্যোগত তাৎক্ষনিকভাৱে কঁহৰাৰ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে  গুৱাহাটীলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয় ৷ ইফালে কঁহৰাৰ বনহাবি ৰিজৰ্টৰ চৌহদত এটা খুটীয়া পহুৰ মৃতদেহ উদ্ধাৰ হয় ৷ নাহৰফুটুকী বাঘৰ আক্ৰমনতেই পহুটোৰ মৃত্যু হোৱা বুলি বনকৰ্মীয়ে জনাইছে ৷ পহুৰ মৃতদেহ টো সংগ্ৰহ কৰে বনকৰ্মীয়ে ৷

**************