চাৰ্বেৰাছ নামৰ গ্ৰীষ্ম প্ৰবাহৰ কৱলত ইউৰোপ মহাদেশ : বিভিন্ন দেশত উষ্ণতা বৃদ্ধিয়ে ভংগ কৰিছে পুৰ্বৰ কেকৰ্ড :

চাৰ্বেৰাছ নামৰ গ্ৰীষ্ম প্ৰবাহৰ কৱলত ইউৰোপ মহাদেশ : বিভিন্ন দেশত উষ্ণতা বৃদ্ধিয়ে ভংগ কৰিছে পুৰ্বৰ কেকৰ্ড  :

চাৰ্বেৰাছ নামৰ গ্ৰীষ্ম প্ৰবাহৰ কৱলত ইউৰোপ মহাদেশ : বিভিন্ন দেশত উষ্ণতা বৃদ্ধিয়ে ভংগ কৰিছে পুৰ্বৰ কেকৰ্ড  : 

Aiidesh Exclusive  : 16 July  2023 : 

প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ কৱলত পৰিছে ইউৰোপ মহাদেশ । মহাদেশ খনৰ ফ্ৰান্স, স্পেইন, ইটালী, পোলেণ্ড আৰু জাৰ্মানীত তাপমাত্ৰা যথেষ্ট বৃদ্ধি পাইছে । সম্প্ৰতি মহাদেশখনৰ কেইবাখনো দেশত তাপমাত্ৰা ৪৭-৪৮ ডিগ্ৰী চেলচিয়াছ পাইছেগৈ ৷ বিশেষজ্ঞৰ মতে মহাদেশখনত এই গ্ৰীষ্ম প্ৰবাহ দীৰ্ঘ দিনলৈ প্ৰবাহিত হোৱাৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে ইউৰোপীৰ ইতিহাসত আজিলৈকে হোৱা সৰ্বোচ্চ তাপমাত্ৰা  ২০২১ চনৰ ১১ আগষ্টত হৈছিল ৷ উক্ত দিনা মহাদেশখনৰ চিচিলিৰ চিৰাকিউজত পাৰাস্তম্ভই ৪৮.৮ ডিগ্ৰী চেণ্টিগ্ৰেড স্পৰ্শ কৰিছিল ৷

সম্প্ৰতি ইটালীৰ তাপমাত্ৰা ইতিমধ্যেই ৪০° চেণ্টিগ্ৰেডলৈ বৃদ্ধি পাইছে ৷ এই গ্ৰীষ্ম প্ৰবাহৰ বাবে ১৫ জুলাইত মিলান চহৰৰ দক্ষিণ-পূবত অৱস্থিত ইটালীৰ লোডি চহৰত গৰমৰ ফলত এজন ৪৪ বছৰীয়া পথচাৰী লোক গৰমৰ বাবে পথৰ ওপৰতে ঢলি পৰে ৷ লোক জনৰ পিচত স্থানীয় চিকিৎসালয়ত মৃত্যু হয় ৷ ১৫ জুলাইত লোডি চহৰৰ তাপমাত্ৰা আছিল ৪০ ডিগ্ৰী চেণ্টিগ্ৰেড ।  গ্ৰীষ্ম প্ৰবাহৰ পৰা ৰক্ষা পাবলৈ ভুমধ্য সাগৰৰ পাৰত এতিয়া পৰ্যটকৰ সমাগম বৃদ্ধি পাইছে ৷ ভূমধ্যসাগৰলৈ অহা হাজাৰ হাজাৰ দৰ্শনাৰ্থীক এই গ্ৰীষ্ম প্ৰবাহৰ বাবে সতৰ্ক কৰি দিয়া হৈছে ৷

চাহাৰা মৰুভুমিত সৃষ্টি হোৱা  চাৰ্বেৰাছ নামৰ উষ্ণ ঘূৰ্ণীবতাহ ইউৰোপলৈ প্ৰবাহিত হোৱা বাবেই মহাদেশ খনত এনে ধৰণৰ গ্ৰীষ্ম প্ৰবাহ হোৱা বুলি বতৰ বিজ্ঞানী সকলে মন্তব্য কৰিছে আৰু গ্ৰীষ্ম প্ৰবাহ চাৰ্বেৰাছৰ কৱলত পৰি ইটালীৰ চাৰ্ডিনিয়া আৰু চিচিলি দ্বীপসমূহৰ তাপমাত্ৰা ১৬ জুলাইত ৪৫ ডিগ্ৰূচেণ্টিগ্ৰেড হ'ব বুলি বতৰ বিজ্ঞানী সকলে ভৱিষ্যতবাণী কৰিছে । ইফালে তাপমাত্ৰাৰ আস্বাভাৱিক বৃদ্ধিৰ বাবে ৰোম নগৰীলৈ অহা ব্ৰিটিছ পৰ্যটক সকল যথেষ্ট সমস্যাত পৰিছে বুলি জানিব পৰা গৈছে  ৷ প্ৰাপ্য তথ্যমতে ১৫ জুলাইত ৰোমৰ তাপমাত্ৰা  ৩৬ ডিগ্ৰী চেণ্টিগ্ৰেড ওপৰলৈ উঠিছিল ৷

জাৰ্মান বতৰ সেৱা কেন্দ্ৰৰ প্ৰাথমিক তথ্য অনুসৰি, যোৱা সপ্তাহত উত্তৰ ৰাইন-ৱেষ্টফেলিয়াৰ টনিচভৰষ্ট নগৰৰ তাপমাত্ৰাই ৩৮ ডিগ্ৰূ চেণ্টিগ্ৰেড স্পৰ্শ কৰিছিল । অৱশ্যে, এই সপ্তাহৰ আৰম্ভণিতে তাপমাত্ৰা সামান্য হ্ৰাস হৈ ২৯ ডিগ্ৰী চেণ্টিগ্ৰেড হোৱাৰ সম্ভাৱনা আছে বুলিও কেন্দ্ৰটোয়ে জনাইছে ।

ইউৰোপ মহাদেশত প্ৰবাহিত হোৱা গ্ৰীষ্ম প্ৰবাহৰ বাবে ৰেড ক্ৰছ চ'চাইটিয়ে জনসাধাৰণক উষ্ণতা বৃদ্ধিৰ সময়ত তাপমাত্ৰাৰ সময়ত শাৰিৰীক ভাৱে দুৰ্বল লোকসকলক স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে । লোকসকলক প্ৰচুৰ পানী খোৱা, কেফেইন আৰু সুৰা পৰিহাৰ কৰাৰ লগতে হিটষ্ট্ৰোকৰ লক্ষণ বোৰৰ প্ৰতি সজাগ হ'বলৈ পৰামৰ্শ দিছে ৷ পোলেণ্ডত দেশৰ বতৰ বিজ্ঞান আৰু জল ব্যৱস্থাপনা কেন্দ্ৰই গ্ৰীষ্ম প্ৰবাহৰ বাবে জাৰি কৰি সতৰ্ক বানীৰ পিচত চিকিৎসকসকলে দিনটোৰ উষ্ণতা বৃদ্ধিৰ সময়ত স্থানীয় লোক আৰু পৰ্যটক সকলক ঘৰত থাকিবলৈ আহ্বান জনাইছে ।  

গ্ৰীষ্ম প্ৰবাহ চাৰ্বেৰাছ ভূমধ্যসাগৰীয় অঞ্চলত প্ৰায় দুই সপ্তাহ ধৰি চলিব বুলি অনুমান কৰা হৈছে । ইয়াৰ বাবে ইটালী আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে ৷ ইটালীৰ বতৰ বিজ্ঞানী ষ্টেফানো ৰছিয়ে জনোৱা মতে সমগ্ৰ উপদ্বীপত  নিশাৰ ভাগতো তাপমাত্ৰা ২২ ডিগ্ৰী চেণ্টিগ্ৰেডৰ তললৈ যোৱাৰ সম্ভাৱনা নাই । নেচাৰ মেডিচিন আলোচনীত প্ৰকাশিত এক প্ৰতিবেদনৰ মতে ২০২২ চনৰ গ্ৰীষ্মকালত সমগ্ৰ ইউৰোপত ৬১ হেজাৰৰো  অধিক লোক গ্ৰীষ্ম প্ৰবাহৰ বাবেই মৃত্যু হৈছিল ।  

মন কৰিব লগীয়া যে গোলকীয় উষ্ণতাৰ বাবে সৃষ্টি হোৱা এনে গ্ৰীষ্ম প্ৰবাহৰ পৰা ৰক্ষা পাবলৈ ইউৰোপৰ দেশ সমুহে বিগত দুটা দশক ধৰি চলোৱা সকলো প্ৰচেষ্টা আচলতে বিফল হৈছে ৷ বাৰ্চিলোনা ইনষ্টিটিউট ফৰ গ্লোবেল হেল্থৰ গৱেষণা অধ্যাপক জোন বালেষ্টাৰে মতে এখন আজিৰ সমাজত গৰমৰ বাবে কাৰো মৃত্যু হোৱা উচিত নহয় । বিশেষজ্ঞৰ মতে পৃথিবীত গ্ৰীষ্মকালৰ সময়ত উষ্ণতা আৰু বৃদ্ধিৰ সম্ভাৱনা আছে ৷ জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতাৰ পটভুমিত পৃথিৱীয়ে যোৱা চাৰিটা বৰ্ষত প্ৰথমবাৰৰ বাবে গ্ৰীষ্মকালত এক প্ৰাকৃতিক এল নিন' বতৰৰ পৰিস্থিতিত প্ৰৱেশ কৰিছে ৷ যাৰ ফলত পৃথিৱীৰ বহুতো ঠাইৰ উষ্ণতা পুৰ্বতকৈ  বৃদ্ধি পাব আৰু পুৰ্বৰ উষ্ণতাৰ অভিলেখো ভংগ কৰাৰ সম্ভাৱনা আছে । 

********