এটা সামুহিক গৃহক কেন্দ্ৰ কৰি বোকাখাতৰ ভকত চাপৰিত উতপ্ত পৰিস্থিতি : দুটা ফৈদৰ মাজত মাৰপিট: ঘটনাত মহকুমা দণ্ডাধীশো আহত :

এটা সামুহিক গৃহক কেন্দ্ৰ কৰি বোকাখাতৰ ভকত চাপৰিত উতপ্ত পৰিস্থিতি  : দুটা ফৈদৰ মাজত মাৰপিট:  ঘটনাত মহকুমা দণ্ডাধীশো আহত  :
Aiidesh photo
এটা সামুহিক গৃহক কেন্দ্ৰ কৰি বোকাখাতৰ ভকত চাপৰিত উতপ্ত পৰিস্থিতি  : দুটা ফৈদৰ মাজত মাৰপিট:  ঘটনাত মহকুমা দণ্ডাধীশো আহত  :

এটা সামুহিক গৃহক কেন্দ্ৰ কৰি বোকাখাতৰ ভকত চাপৰিত উতপ্ত পৰিস্থিতি  : দুটা ফৈদৰ মাজত মাৰপিটঘটনাত মহকুমা দণ্ডাধীশো আহত  : 

Aiidesh News :  18th September : 

বোকাখাত মহকুমাৰ ভকত চাপৰিত বিশ্বকৰ্মা পুজাৰ দিনটোতে এটা সামুহিক ভৱনক কেন্দ্ৰ কৰি স্থানীয় দুটা ফৈদৰ মাজত সৃষ্টি হোৱা বিতৰ্কৰ পিচতে কাজিয়াৰ সুত্ৰপাতহৈ মাৰপিটো সংঘৰ্টিত হয় ৷ এই ঘটনাত আহত হয় বোকাখাতৰ মহকুমা দণ্ডাধীশ ঋতুপৰ্ণা দাস ৷

জানিব পৰা মতে ভকত চাপৰিত স্থানীয় ৰাইজৰ ৯ টা খেলৰ ব্যৱহাৰৰ বাবে জিলা পৰিষদ আৰু ৰজাবাৰী গাওঁ পঞ্চায়তৰ পুঁজিৰে এটা সামুহিক গৃহ নিৰ্মান কৰা হয় ৷ ৰাইজে সামুহিক গৃহটো সাৰ্বজনীন ৰংগ মঞ্চ নামেৰে নামাকৰণো কৰে ৷ শেষতীয়াকৈ এই সামুহিক গৃহৰ ব্যৱহাৰৰ বাবে ভকত চাপৰিৰ দুটা ফৈদৰ মাজত বিবাদৰ সৃষ্টি হয় ৷ বিষয়তো বোকাখাতৰ মহকুমাধিপতিৰ অৱগত হোৱাত বিবাদ মিমাংসাৰ বাবে মহকুমাধিপতিয়ে মহকুমা দণ্ডাধীশ ঋতুপৰ্ণা দাসক ভকত চাপৰিলৈ প্ৰেৰণ কৰে ৷ মহকুমা দণ্ডাধীশ ঋতুপৰ্ণা দাসৰ উপস্থিতিতেই দুই ফৈদৰ মাজত মাৰপিটৰ সুত্ৰপাত হয় ৷ ঘটনাত দণ্ডাধীশ ঋতুপৰ্ণা দাসো আহত হয় ৷

পিচত বোকাখাতৰ আৰক্ষীও গৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰে ৷ ঘটনাত দুয়ো ফৈদৰ একাধিক লোক আহত হয় যদিও গুৰুত্বৰভাৱে আহত এজনক এম্বুলেঞ্চ সেৱাৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ঘটনাৰ পিচত সমুহি গৃহটো ৰাজহুৱা কামত ব্যৱহাৰ হ'ব বুলি নিৰ্দেশ জাৰি কৰে দণ্ডাধীশে ৷৷

*******