অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ পেঞ্চনাৰ সন্থা, বোকাখাত শাখাৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু দ্বি বাৰ্ষিক অধিবেশন :
Aiidesh News : 8 March - 2026 :
বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত আজি অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ পেঞ্চনাৰ সন্থাৰ বোকাখাত শাখাৰ ২০ সংখ্যক প্রতিষ্ঠা দিৱস আৰু বোকাখাত শাখাৰ অষ্টম দ্বি-বার্ষিক অধিৱেশন অনুষ্ঠিত হয় । এই উপলক্ষে আজি পুৱা অধিৱেশন থলিত পৰিষদৰ পতাকা উত্তোলন কৰে অঃবাঃবিঃপঃ পেঞ্চনাৰ সন্থা, বোকাখাত শাখাৰ সভপতি মনোৰঞ্জন সেনে । বন্তি প্রজ্বলন কৰে পৰিষদৰ ২০ গৰাকী সম্মানীয় সদস্যই আৰু স্মৃতি তর্পণ কৰে বোকাখাত শাখাৰ উপ-সভাপতি সুৰ্য কুমাৰ খাকলাৰী আৰু খগেন্দ্ৰ নাথ বৰাই । পৰ্ৱতী সময়ত অনুষ্ঠিত বিষয় বাচনি সভাত সৰ্ব সন্মতি ক্ৰমে মনোৰঞ্জন সেনক সভাপতি আৰু গকুল শৰ্মাক সম্পাদক হিচাবে লৈ পুৰ্বৰ ২১ জনীয়া সমিতিকে পৰৱৰ্তী কাৰ্যকালৰ বাবে বাহাল ৰখাৰ সিধান্ত গ্ৰহন কৰে।
ইয়াৰ পিচতেই অনুষ্ঠিত হোৱা মুকলি সভা আনুষ্ঠানিকভাৱে অধিৱেশন উদ্বোধন কৰে বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱাই । মনোৰঞ্জন সেন পৌৰহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে অসম ৰাজ্যিক বিদ্যুত পৰিষদ পেঞ্চনাৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি নগেন বৰা, নির্দিষ্ট বক্তা হিচাবে থাকে কেন্দ্রীয় সমিতিৰ উপ-সভাপতি পৰাগজ্যোতি দত্ত। বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে ক্ৰমে পুৱতি সাহিত্য সভাৰ সভাপতি গোপীকানন্দ শইকীয়া, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভপতি জিতু শর্মা ৰাজখোৱা, জ্যেষ্ঠ নাগৰিক সম্মিলনৰ বোকাখাত শাখাৰ সভাপতি প্রদীপ খাউণ্ড, চৰকাৰী পেঞ্চনাৰ সন্থাৰ সভাপতি, ৰেৱকান্ত হাজৰিকা, বিদ্যুত পৰিষদ পেঞ্চনাৰ সন্থাৰ যোৰহাট মণ্ডলৰ উপ সভাপতি প্ৰদীপ ভুঞা ,বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, বোকাখাত বিদ্যুৎ উপ-সংমণ্ডলৰ উপ-প্ৰৱন্ধক ঋতুৰাজ খনিকৰ, কেন্দ্রীয় সমিতিৰ সহকাৰী সম্পাদক নলীন শইকীয়া, আসাম ষ্টেট পাৱাৰ ওৱার্কাচ ইউনিয়ন, বোকাখাত শাখাৰ সভাপতি নিতুমণি বৰা আৰু বিদ্যুত পৰিষদ পেঞ্চনাৰ সন্থাৰ যোৰহাট মণ্ডলৰ সম্পাদক প্ৰৱীৰ দত্ত । মুকলি সভাতেই অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ পেঞ্চনাৰ সন্থাৰ বোকাখাত শাখাৰ বাবে এটুকুৰা ভুমি আৱন্তন দিবৰ বাবে অসম চৰকাৰৰ ৰাজহ বিভাগক আবেদন জনায় এক প্ৰস্তাৱ গ্ৰহন কৰে।
***************







