ৰাজ্যৰ প্ৰথমটো বহু ভাষিক ৱেব পৰ্টেল 'এইদেশ'ৰ উদ্যোগত প্ৰদান কৰা হ'ব এইদেশ বঁটা ২০২৩ :

ৰাজ্যৰ প্ৰথমটো বহু ভাষিক ৱেব পৰ্টেল 'এইদেশ'ৰ উদ্যোগত প্ৰদান কৰা হ'ব এইদেশ বঁটা ২০২৩ :
Aiidesh Photo

ৰাজ্যৰ প্ৰথমটো বহু ভাষিক ৱেব পৰ্টেল 'এইদেশ'ৰ উদ্যোগত প্ৰদান কৰা হ'ব এইদেশ বঁটা ২০২৩ : 

Aiidesh News  : 22 June 2023  :  

অসমৰ প্ৰথমটো বহু ভাষিক ৱেব পৰ্টেল 'এইদেশ' গোষ্ঠীৰ উদ্যোগত ২০২৩ চনৰ এইদেশ বঁটা প্ৰদান কৰা হ'ব ৷ এই উপলক্ষে আজি বোকাখাতত জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাৰ পৌৰহিত্যত এই বঁটাৰ প্ৰাৰ্থী নিৰ্বাচন সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত ৷ বৈঠকত নিৰ্বাচন সমিতিৰ সদস্য ৷ জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা, বুবুল দত্ত, উত্তম শইকীয়া, জে ডি এছ জি মাহাবিদ্যালয়ৰ জেষ্ঠ প্ৰৱক্তা প্ৰশান্ত শইকীয়াৰ উপৰিও 'এইদেশ'ৰ উপদেষ্ঠা প্ৰবীন সাংবাদিক ভৱেশ শইকীয়াও উপস্থিত থাকে ৷ বৈঠকত এইদেশ গোষ্ঠীৰ হৈ মেটাভিয়ান টেকনলজি প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়া অনুপম শইকীয়াই 'এইদেশ'ৰ সমুহ কাৰ্যৱলী দাঙি ধৰে ৷

বৈঠকত গোলাঘাট জিলা ভিত্তিত এইদেশ নৱ প্ৰজন্মৰ প্ৰতিভা বঁটা আৰু অসম ভিত্তিত এইদেশ শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা প্ৰদানৰ সিধান্ত গ্ৰহন কৰা হয় ৷ এইদেশ নৱ প্ৰজন্মৰ প্ৰতিভা বঁটা গোলাঘাটত জিলা ভিত্তিত নৱ প্ৰজন্মৰ প্ৰতিশ্ৰুতি সম্পন্ন যুৱক যুৱতীক তেওঁলোকৰ সামাজিক আৰু  চৰকাৰী ভাৱে স্বীকৃতি প্ৰাপ্ত সৃষ্টিশীল কামৰ বাবে প্ৰদান কৰা হ'ব ।

অসম ভিত্তিত এইদেশ শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটাৰ অসমৰ স্বীকৃত প্ৰাপ্ত বা পঞ্জীয়ন থকা সংবাদ পত্ৰ, টেলিভিচন বা ৱেব পৰ্টেলত কামকৰা সাংবাদিকক তেওঁৰ কৰা সংবাদ সেৱাৰ বাবে প্ৰদান কৰা হ'ব । এই ক্ষেত্ৰত এইদেশ শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটাৰ বাবে নিৰ্বাচিত সাংবাদিক গৰাকীয়ে কমেও সাংবাদিকতাৰ ক্ষেত্ৰখনত ১০ বছৰৰ কাম কৰাৰ অভিজ্ঞতাৰ প্ৰতি নিৰ্বাচন সমিতিয়ে গুৰুত্ব দিব ।

২০২৩ চনৰ পৰা আৰম্ভ হ'ব লগা এইদেশ বঁটাত নগদ ধন, 'এইদেশ' স্মাৰক আৰু উপহাৰৰ টোপোলা থাকিব ৷ 

উল্লেখ্য যে বোকাখাতৰ মুখ্য কাৰ্যালয়ৰ লগতে মুম্বাইত শাখা কাৰ্যালয় থকা 'এইদেশ' গোষ্ঠীয়ে স্থানীয় সম্পদ আৰু প্ৰতিভাৰ গোলকীয় উত্তোৰণ, স্থানীয় লোক কলা আৰু সংস্কৃতিৰ সংৰক্ষণৰ সজাগতা, প্ৰযুক্তি আৰু সংৰক্ষণৰ কৰ্মশালাৰ উপৰিও মানৱ সম্পদ বিকাশৰ বাবে দেশ জুৰি বিভিন্ন কাৰ্যসুচী ৰূপায়ণ কৰি আহিছে ৷ ২০১৭ চনৰ ১৫ আগষ্টত পদ্মশ্ৰী যাদৱ পায়েঙে তেওঁ মোলাই কাঠনিত আনুষ্ঠানিক ভাৱে এইদেশৰ যাত্ৰাৰ শুভাৰম্ভ কৰিছিল ৷ উদ্বোধনী অনুষ্ঠানৰ গুৰি ধৰিছিল 'এইদেশ'ৰ মুখ্য পৃষ্ঠপোষক ৰূপম শইকীয়াই ৷ 

এইদেশ বঁটা ২০২৩ চলিত বৰ্ষৰ শেষলৈ অনুষ্ঠিত হ'ব লগা বিশেষ অনুষ্ঠানত প্ৰদান কৰা হ'ব বুলি 'এইদেশ'ৰ তৰফৰ পৰা আজিৰ বৈঠকতে ঘোষণা কৰা হয় ৷

********