কাজিৰঙাত মন্ত্ৰী আমোলাৰ চিন্তন বৈঠক : কঁহৰাৰ মিহিমুখত গঁড়ৰ খৰ্গৰ ছাঁইৰে নিৰ্মিত স্মাৰক উন্মোচন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ :

কাজিৰঙাত মন্ত্ৰী আমোলাৰ চিন্তন বৈঠক  : কঁহৰাৰ মিহিমুখত গঁড়ৰ খৰ্গৰ ছাঁইৰে নিৰ্মিত স্মাৰক উন্মোচন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ :
Aiidesh Photo

কাজিৰঙাৰ বৰগছ ৰিজৰ্টত অসমৰ মন্ত্ৰী আমোলাৰ চিন্তন বৈঠক  : কঁহৰাৰ মিহিমুখত গঁড়ৰ খৰ্গৰ ছাঁইৰে নিৰ্মিত স্মাৰক উন্মোচন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ :

Aiidesh News  : 24 th September : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত আজি বিয়লি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 'এশিঙীয়াৰ বিচৰন ভুমি' নামৰ এক স্মাৰক উন্মোচন কৰে ৷ ২০২১ চনৰ ২২ চনৰ বিশ্ব গঁড় দিৱসৰ দিনা বোকাখাতৰ ৰাজহুৱা খেল পথাৰত দাহন কৰা ২৪৭৯ হেজাৰ গঁড়ৰ খৰ্গৰ ছাঁইৰে কঁহৰাৰ মিহিমুখত নিৰ্মান কৰি উলিওৱা হৈছে এটা পোৱালীৰে সৈতে এহাল গঁড়ৰ এক স্মাৰক ৷ 'এশিঙীয়াৰ বিচৰন ভুমি' নামক এই স্মাৰক উন্মোচন কৰি মুখ্যমন্ত্ৰী গৰাকীয় সৎগুৰুক কাজিৰঙা আৰু ইয়াৰ এশিঙীয়া গঁড় বিষয়ে বৰ্ণনা কৰে ৷ 

কঁহৰাৰ মিহিমুখৰ প্ৰৱেশদ্বাৰত আয়োজিত এই স্মাৰক উন্মোচনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও আধ্যাত্মিক গুৰু সৎগুৰু, ৰাজ্যৰ সকলো কেবিনেট মন্ত্ৰী সকল,  ৰাজ্য চৰকাৰৰ মুখ্য সচিব  পৱন কুমাৰ বৰঠাকুৰৰ লগতে কাজিৰঙাৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা, ডি এফ অ' ৰমেশ কুমাৰ গগৈৰ উপৰিও বন বিভাগৰ উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে ৷ আজি কাজিৰঙাৰ বৰগছ নামৰ বিলাসী হোটেলত আয়োজিত চিন্তন বৈঠকত অংশ ল'বলৈ অহা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কঁহৰাৰ মিহিমুখত এশিঙীয়াৰ স্মাৰক উন্মোচনৰ পিচতেই আধ্যাত্মিক গুৰু সৎগুৰুক লৈ মিহিমুখেদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নাতি দুৰলৈকে প্ৰৱেশ কৰি সৎগুৰুক বিশ্ব ঐতিহ্য কাজিৰঙাৰ বিৰল দৃশ্য প্ৰদৰ্শন কৰোৱাই ৷ এই যাত্ৰাত সৎগুৰুয়ে কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বহুৱাই নিজেই জীপচি চলায় কাজিৰঙা ভ্ৰমন কৰে ৷ এই যাত্ৰাৰে মুখ্যমন্ত্ৰীয়ে এবাৰৰ পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্বৰ পৰ্যটকৰ বাবে মুকলি কৰা বুলি ঘোষণাও কৰে  ৷

ইফালে অসমক অৰ্থনৈতিক ভাৱে আগুৱাই নি দেশৰ ৫ খন উন্নত ৰাজ্যৰ এখন কৰাৰ সংকল্পৰে আজিৰে পৰা কাজিৰঙাৰ বিলাসী হোটেল বৰগছ আয়োজিত হৈছে চিন্তন বৈঠক এ ভিচন ২০২৬ শীৰ্ষক তিনিদিনীয়া এক বিশেষ অনুষ্ঠানৰ ৷ এই বৈঠকত অসমৰ মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰৰ সকলো মন্ত্ৰী আৰু উচ্চ পদস্থ আমোলাই অংশগ্ৰহন কৰাৰ উপৰিও ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰাও বিভাগীয় প্ৰতিনিধিয়ে অংশগ্ৰহন কৰিছেহি ৷ দেশৰ হাই প্ৰফাইল আধ্যাত্মিক গুৰু বুলি পৰিচিত সৎগুৰু জগদীশ বাসুদেৱে এই চিন্তন বৈঠকত মন্ত্ৰী আৰু আমোলা সকলক মাৰ্ক দৰ্শন কৰিব ৷  এই উদ্দেশেৰে কাজিৰঙাত আহি বাহৰ পাতিছেহি অসমৰ সকলো মন্ত্ৰী বিধায়কে ৷ 

আজি বিয়লি আৰম্ভ হোৱা এই চিন্তন বৈঠকলৈ অসমৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে সকলোকে আদৰনি জনায় ৷ অনুষ্ঠানৰ আৰম্ভনিতেই মুখ্য সচিৱ গৰাকীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আৰু মুখ্যমন্ত্ৰীয়ে সৎগুৰুক ফুলাম গামোছাৰে চিন্তন বৈঠকলৈ আদৰণি জনায় ৷ ইয়াৰ পিচতেই ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু সৎগুৰু জগদীশ বাসুদেৱে বন্তি প্ৰজ্বলন কৰি চিন্তন বৈঠকৰ শুভাৰম্ভ কৰে ৷

ইফালে চিন্তন বৈঠকলৈ অহা মন্ত্ৰী বিধায়কৰ লগতে সৎগুৰুৰ নিৰাপত্তা আৰু আতিথ্যৰ বাবে বিশেষ কটকতীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে কাজিৰঙাৰ বৰগছ ৰিজৰ্টত ৷ চিন্তন বৈঠকৰ বাবে অহা তিনিটা দিনে এতিয়া যেন দিচপুৰলৈ পৰিনত হৈছে কাজিৰঙাৰ কঁহৰা ৷৷ 

*****