সদৌ অসম ছাত্ৰ সন্থাত বিদ্ৰোহ : তিনি শতাধিক সদস্যৰে বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সামুহিক পদত্যাগ :

সদৌ অসম ছাত্ৰ সন্থাত বিদ্ৰোহ  : তিনি শতাধিক সদস্যৰে বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সামুহিক পদত্যাগ  :
Aiidesh Photo

Aiidesh News  : 7 February 2024 :

গোলাঘাট জিলা ছাত্ৰ সন্থাই মাঘৰ বিহুৰ উৰুকাৰ দিনা ছাত্র সন্থাৰ প্রাক্তন বিষয়ববীয়া, জাতীয় সংগঠন, জনগোষ্ঠীয় সংগঠন, ছাত্ৰ সন্থাৰ শুভাকাংক্ষী আৰু ছাত্ৰ সন্থাৰ প্রাক্তন বাজনৈতিক-অবাজনৈতিক ব্যক্তিসকলক লগত লৈ এটি প্রীতিভোজৰ আয়োজন কৰিছি । মাঘৰ বিহুৰ এই প্ৰীতিভোজত কেবিনেট মন্ত্রী অতুল বৰা, সৰুথাৰৰ বিধায়ক বিশ্বজিত ফুকনৰ লগতে ছাত্র সন্থাৰ প্রাক্তন নেতা, ৰাজনৈতিক আৰু অৰাজনৈক লোকো উপস্থিত আছিল । ইয়াৰ পিচতে সদৌ অসম ছাত্র সন্থাৰ কার্যনির্বাহকে ১৯ জানুৱাৰীত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকক উৰুকাৰ প্ৰীতিভোজত  মন্ত্রী অতুল বৰাৰ সৈতে ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আহাৰ গ্ৰহণৰ কৰি সংবিধান ভংগ কৰাৰ অপৰাধত সন্থাৰ পৰা অপসাৰিত কৰিছিল ৷ 

ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এই কাৰ্যৰ বিৰোধিতা কৰি সদৌ অসম ছাত্ৰ সন্থাৰ বোকাখাত আঞ্চলিক ছাত্র সন্থাই আজি সমূহীয়াকৈ ছাত্ৰ সন্থাৰ পৰা পদত্যাগ কৰে ৷ বোকাখাত আঞ্চলিক ছাত্র সন্থাৰ সভাপতি চিন্ময়জ্যোতি শর্মা, সাধাৰণ সম্পাদক বিশ্বজিত দেবনাথে স্বাক্ষৰ কৰা আৰু সদৌ গোলাঘাট জিলা ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকলৈ প্ৰেৰণ কৰা সমুহীয়া পদত্যাগ পত্ৰত ছাত্র সন্থাৰ সংবিধান অৱমাননাৰ অপৰাধত আক্রোশমূলক ভাবে কেবল সভাপতি আৰু সাধাৰণ সম্পাদকৰ ওপৰত শাস্তি বিহা হ'ল বুলি উল্লেখ কৰি সদৌ অসম ছাত্র সন্থাৰ সংবিধান কেন্দ্রীয় সমিতিৰ বিষয়ববীয়াৰ বাবে প্ৰযোজ্য নহয় নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে ৷ পদত্যাগ পত্ৰ মতে সদৌ অসম ছাত্ৰ সন্থাৰ ৰক্তিম পতাকাৰ তলত সকলো সদস্য যদি সমান হয়, তেনেস্থলত কেবল জিলাৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ ওপৰত ব্যৱস্থা গ্রহণ কৰি কিয় একেটা অনুষ্ঠানতেই উপস্থিত থকা কেন্দ্রীয় উপ-সভাপতি অভিবর্তন গোস্বামীয়ে বিধায়ক বিশ্বজিত ফুকনক নিমন্ত্রণ দিয়াৰ পাছতো জিলা সমিতিৰ অভিভাৱক গৰাকীৰ বিৰুদ্ধে সদৌ অসম ছাত্র সন্থাই কোনো ব্যৱস্থা গ্ৰহন নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে বোকাখাত আঞ্চলিক ছাত্র সন্থাই ৷ কেন্দ্রীয় সমিতিৰ এনে একপক্ষীয় সিদ্ধান্তৰ বিৰোধিতা কৰি আজি বোকাখাত আঞ্চলিক ছাত্র সন্থাৰ কৰ্মকৰ্তাৰ লগতে তিনি শতাধিক সদস্যই সমূহীয়াভাৱে পদত্যাগ কৰে । এই পদত্যাগ পত্ৰৰ প্ৰতিলিপি সদৌ অসম ছাত্র সন্থা আৰু বোকাখাত মহকুমা ছাত্র সন্থালৈও প্ৰেৰণ কৰিছে বোকাখাত আঞ্চলিক ছাত্র সন্থাই ৷

**********