অসমৰ প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণ বিজ্ঞানী ড০ বিভৱ কুমাৰ তালুকদাৰলৈ আন্তⵓৰাষ্ট্ৰীয় সংগঠন আই ইউ চি এন ৰ প্ৰজাতি সংৰক্ষণ আয়োগৰ দ্য হেৰী মেছেল”বঁটা ⵓ

অসমৰ প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণ বিজ্ঞানী ড০ বিভৱ কুমাৰ তালুকদাৰলৈ আন্তⵓৰাষ্ট্ৰীয় সংগঠন আই ইউ চি এন ৰ প্ৰজাতি সংৰক্ষণ আয়োগৰ দ্য হেৰী মেছেল”বঁটা ⵓ
Aiidesh Photo
অসমৰ প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণ বিজ্ঞানী ড০ বিভৱ কুমাৰ তালুকদাৰলৈ আন্তⵓৰাষ্ট্ৰীয় সংগঠন আই ইউ চি এন ৰ প্ৰজাতি সংৰক্ষণ আয়োগৰ দ্য হেৰী মেছেল”বঁটা ⵓ

Aiidesh News ⵓ 26 October 2024 ⵓ 

বন্যপ্ৰাণী আৰু প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰখনত একনিষ্ঠ ভাবে কাম কৰা আৰু বিশেষ নেতৃত্ব লোৱাৰ বাবে অসমৰ আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংৰক্ষণ বিজ্ঞানী তথা অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ সচিৰ প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া ড০ বিভৱ কুমাৰ তালুকদাৰক আন্ত:ৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘ আই ইউ চি এনৰ “প্ৰজাতি সংৰক্ষণৰ আয়োগ চমুকৈ এছ এছ চি য়ে প্ৰখ্যাত “দ্য হেৰী মেছেল” সংৰক্ষণ নেতৃত্ব বঁটা আগবঢ়াইছে ৷ 

আৰৱ আমিৰেটৰ আবু ধাবিত চলি থকা আৰু জৈৱ বৈচিত্ৰ্য আৰু জলবায়ু পৰিৱৰ্তনৰ সংহত সমস্যা সমাধানৰ বিচাৰি অনুষ্ঠিত হোৱা আই ইউ চি এন ৰ পঞ্চম প্ৰজাতি সংৰক্ষণৰ আয়োগৰ নেতৃস্থানীয় বিষয় ববীয়াৰ বৈঠকত শুকুৰবাৰৰ দিনা ড০ বিভৱ কুমাৰ তালুকদাৰক বিখ্যাত দ্য হেৰী মেছেল বঁটা প্ৰদান কৰা হয় ।  প্ৰজাতি সংৰক্ষণৰ আয়োগৰ কৰ্ম আঁচনিৰ অংশহিচাপে বিশ্বৰ বিভিন্ন প্ৰজাতিৰ সংৰক্ষণৰ দিশত নেতৃত্ব বহন কৰি আগবঢ়োৱা ক্ষেত্ৰভিত্তিক অৱদানৰ স্বীকৃতি স্বৰূপে ড০ বিভৱ কুমাৰ তালুকদাৰক এই বঁটা প্ৰদান কৰা হৈছে ।

উল্লেখ্য যে, এচিয়া প্ৰজাতি গঁড়ৰ তিনিটা প্ৰজাতিৰ সংৰক্ষণ বাবে ড০ বিভৱ কুমাৰ তালুকদাৰে এচিয়াৰ গঁড় থকা ৰাষ্ট্ৰকলৈ তিনিখনকৈ সন্মিলন অনুষ্ঠিত কৰাত সময়োচিত আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল । ইয়াৰে প্ৰথমখন ইণ্ডোনেচিয়াৰ বন মন্ত্ৰালয়ৰ সহযোগত দেশখনৰ বন্দৰ লামপুঙত অনুষ্ঠিত হৈছিল ।  দ্বিতীয়খন সন্মিলন ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ সহযোগত নতুন দিল্লীত আৰু তৃতীয়খন সন্মিলন নেপাল চৰকাৰৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী বিভাগৰ সহযোগত চিটৱান ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত হৈছিল । এই সন্মিলনত এচিয় গঁড়ৰ তিনিটা প্ৰজাতিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে সিধান্ত গ্ৰহন কৰি যুটীয়া ঘোষণাপত্ৰ প্ৰকাশ কৰিছিল ।  

ড০ বিভৱ কুমাৰ তালুকদাৰ উত্তৰ পূৱ ভাৰতৰ অগ্ৰণী গৱেষণা-চালিত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ  প্ৰতিষ্ঠাপক সচিব প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া । ১৯৮৯ চনত এমুঠিমান যুৱ প্ৰকৃতি অনুৰাগীক লৈ গঠন কৰা আৰণ্যক ড০ বিভৱ কুমাৰ তালুকদাৰৰ নেতৃত্বত সম্প্ৰতি দেশৰ এক  অন্যতম লেখত লবলগীয়া জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থাত পৰিণত হৈছে । সংস্থাটোৰ বিভিন্ন বিভাগৰ সৈতে বৰ্তমান প্ৰায় দুশ লোক নিয়োজিত হৈ আছে ।

উল্লেখ্য যে গঁড় সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ স্বীকৃতি স্বৰূপে আই ইউ চি এনে ২০০৮ চনত ড০ বিভৱ কুমাৰ তালুকদাৰক  এচিয়া প্ৰজাতি গঁড়ৰ বিশেষজ্ঞ গোটৰ অধ্যক্ষ পদত অধিষ্ঠিত কৰে । অসমৰ সংৰক্ষণবিদে বাবে এই স্বীকৃতি বিৰল । একেদৰে অতি বিপন্ন জাভা আৰু সুমাত্ৰাৰ গঁড়ৰ সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে ইণ্ডোনেচিয়াৰ সংৰক্ষণ সংস্থা সমূহেও ড০ বিভৱ কুমাৰ তালুকদাৰক আমন্ত্ৰণ কৰিছিল । মন কৰিবলগীয়া যে ২০০৭ চনৰ জুলাইৰ পৰা ২০১০ চনৰ মে’ পৰ্যন্ত ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ স্থায়ী সমিতিৰ, ২০১০ৰ পৰা ২০১২ লৈ হস্তী প্ৰকল্প কৰ্ণধাৰ সমিতিৰ আৰু ৰাষ্ট্ৰীয় বন্যপ্ৰাণী কৰ্ম আঁচনি ২০১৭-৩১ প্ৰস্তুতি সমিতিৰ এজন সন্মানীয় সদস্য হিচাপেও ড০ বিভৱ কুমাৰ তালুকদাৰে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ অসম চৰকাৰক “ইণ্ডিয়ান ৰাইনো ভিছন ২০২০”ৰ কাৰ্যকৰীকৰণত সহায় কৰিছিল আৰু এই প্ৰকল্পৰ জৰিয়তে ২০০৮ আৰু ২০২২ চনৰ ভিতৰত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ২২ বন্য গঁড় মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ সফলতাৰে স্থানান্তৰ কৰা হৈছিল । ড০ বিভৱ কুমাৰ তালুকদাৰে বিগত সময়ত ৭০ খনৰো অধিক গৱেষণা পত্ৰ প্ৰকাশ কৰিছে । সহ-প্ৰণেতা হিচাপে থকা তেখেতৰ দুখন গৱেষণা পত্ৰ প্ৰখ্যাত জাৰ্ণেল “ছায়েন্স”ত প্ৰকাশ হৈছে । বিগত ২৫ বছৰত তেওঁ সমন্বয়ক হিচাপে ৬০ টাৰো অধিক প্ৰকল্প সম্পূৰ্ণ কৰিছে । 

*****