বোকাখাতৰ আৰছেটি কেন্দ্ৰত গাহৰি আৰু ছাগলী পালনৰ বিশেষ প্ৰশিক্ষণৰ : সামৰণী অনুষ্ঠানত ৬০ গৰাকী প্ৰশিক্ষাৰ্থীক মানপত্ৰ প্ৰদান :

বোকাখাতৰ আৰছেটি কেন্দ্ৰত গাহৰি আৰু ছাগলী পালনৰ বিশেষ প্ৰশিক্ষণৰ :  সামৰণী অনুষ্ঠানত ৬০ গৰাকী প্ৰশিক্ষাৰ্থীক মানপত্ৰ প্ৰদান  :
Aiidesh Photo
বোকাখাতৰ আৰছেটি কেন্দ্ৰত গাহৰি আৰু ছাগলী পালনৰ বিশেষ প্ৰশিক্ষণৰ :  সামৰণী অনুষ্ঠানত ৬০ গৰাকী প্ৰশিক্ষাৰ্থীক মানপত্ৰ প্ৰদান  :

Bhabananda Kalita : Aiidesh News  : 18 May - 2024 :

বোকাখাতত থকা পঞ্জাৱ নেচনেল বেংক গ্ৰাম্য স্বৰোজগাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ আৰছেটিত দহদিনীয়া গাহৰি আৰু ছাগলী পালন প্ৰশিক্ষণৰ আজি সামৰনি পৰে । এই উপলক্ষে আয়োজিত সমাৱৰ্তন সভাত ছাগলী পালনৰ ৩০ গৰাকী আৰু গাহৰি পালনৰ ৩০ গৰাকী প্ৰশিক্ষাৰ্থীক লৈ মুঠ  ৬০ গৰাকী প্ৰশিক্ষাৰ্থী নিবনুৱা যুৱক যুৱতীক প্ৰশিক্ষণৰ প্ৰমাণ পত্র প্ৰদান কৰা হয় । উল্লেখ্য যে প্ৰশিক্ষণ গ্ৰহন কপা প্ৰতি গৰাকীয়ে প্ৰশিক্ষাৰ্থীকেই বেংকৰ পৰা ঋণ ল'বৰ বাবে  আৰছেটিৰ তৰফৰ পৰা সহায়ো কৰিব । আজিৰ সামৰনি অনুষ্ঠানত পঞ্জাব নেচনেল বেংক যোৰহাট চক্রৰ মহা প্ৰবন্ধক সুমন কুমাৰ সিং, মুখ্য পৰিচালক  ষ্টিভান আইমল, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি তথা জেষ্ঠ সাংবাদিক ভবানন্দ কলিতা, ৰাজ্যিক জীৱিকা মিচনৰ বি পি এম অজয় কেৰকেটা, বিশিষ্ট মৌপালক পাপুমনি হাজৰিকা বিশিষ্ট অতিথি হিসাবে উপস্থিত থাকে ৷ অনুষ্ঠানত আৰছেটিৰ সঞ্চালক চিন্ময়জোতি গোহাইয়ে আদৰনি ভাষন প্ৰদান কৰি কয় যেআৰছেটি কেন্দ্রত ইতিমধ্যেই কম্পিউটাৰ ব্যৱস্থা কৰা হৈছে আৰু আগন্তুক বৰ্ষৰ বাবে ৯০০ লোকক বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদানৰো লক্ষ্য লোৱা হৈছে । পঞ্জাব নেচনেল বেংক যোৰহাটৰ মহা প্ৰবন্ধক সুমন কুমাৰ সিঙে কয় যে উদ্যোগী সকলে ভালদৰে কাম কৰিলে বেংক পুঁজি বিনিয়োগ কৰিবলৈ সাজু আছে । ৫০ হাজাৰ টকাৰে ব্যবসায় কৰি কোটিপতি হোৱাৰ উদাহৰণ আছে। 

*********