বোকাখাত - কাৰ্বি আংলং সীমান্তৰ কাকচাঙত লোমহৰ্ষক হত্যা কাণ্ড : হত্যাকাৰীক কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ দাবীত বোকাখাত আৰক্ষী থানাত উত্তাল প্ৰতিবাদ : স্মাৰকপত্ৰ প্ৰদান :

Aiidesh News  : 25 March - 2024  : 

বোকাখাত উপ জিলাৰ কাৰ্বিআংলং সীমান্তৰ কাকচাংত যোৱা নিশা সংঘৰ্টিত লোমহৰ্ষক হত্যাকাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্ত আৰু হত্যাকাৰীক শীঘ্ৰেই কৰায়ত্ব কৰাৰ দাবীত আজি বোকাখাত থানাত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ কাৰ্বি আংলং জিলাৰ ছাত্ৰ সংগঠনৰ লগতে একাধিক সংগঠনে হাতে হাতে প্লেকাৰ্ড লৈ বোকাখাত থানাৰ প্ৰৱেশদ্বাৰত অৱস্থান কৰি হত্যাকাৰীক কৰায়ত্ব কৰি কঠোৰ শাস্তিৰ দাবী জনায় ৷ পিচত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়াৰ উপস্থিতিত হত্যাকাৰীক শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবীত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান, গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক আদিলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰ বোকাখাতৰ মহকুমা দণ্ডাধীশ সিদ্ধাৰ্থ সোনোৱালৰ হাতত অৰ্পণ কৰে ৷

উল্লেখ্য যোৱা নিশা বোকাখাত কাৰ্বিআংলংৰ সীমান্তত সংঘৰ্টিত এক লোমহৰ্ষক হত্যাকাণ্ডত ৰয়েল ৰংহাং নামৰ এজন যুৱকক গাড়ীৰ ভিতৰতে অচিনাক্ত দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰে ৷ সন্ধ্যা এক লোমহৰ্ষক হত্যাকাণ্ড সংঘৰ্টিত হয় ৷ নিজৰ AS 09K 5343 নম্বৰৰ মাৰুতী গাড়ীখনেৰে নিজা বাসগৃহলৈ বুলি গৈ থকা অৱস্থাত বোকাখাত কাকচাং পথত গাড়ীৰ ভিতৰতে ডিঙি কাটি নিশংসভাৱে হত্যা কৰে ৰয়েল ৰংহাঙ নামৰ এজন যুৱক জনক ৷  ৰয়েল ৰংহাংৰ মৃত্যুৰ পিচতেই সম্প্ৰতি উত্তেজনাৰ সৃষ্টি হৈছে কাকচাং অঞ্চলত ৷ অৱশ্যে ঘটনাৰ পিচতেই বোকাখাতৰ আৰক্ষী আৰু কাৰ্বি আংলং জিলাৰ ডলামৰাৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে হত্যাকাণ্ডত জড়িত কোনো লোককে কৰায়ত্ব কৰিব পৰা নাই আৰক্ষীয়ে ৷ এই ঘটনাৰ সৈতে চোৰাং কাঠৰ কাৰবাৰ কৰা এটা চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷ 

********