এইবাৰ বনবিভাগৰ জালত চোৰাং গৰু ব্যৱসায়ী : এখন বিলাসী জাইল' গাড়ীৰ ভিতৰৰ পৰা অবিশ্বাস্য ভাৱে উদ্ধাৰ হয় ৭ টাকৈ গৰু :

এইবাৰ বনবিভাগৰ জালত চোৰাং গৰু ব্যৱসায়ী  : এখন বিলাসী জাইল' গাড়ীৰ ভিতৰৰ পৰা অবিশ্বাস্য ভাৱে উদ্ধাৰ হয় ৭ টাকৈ গৰু  :
Aiidesh Photo

এইবাৰ বনবিভাগৰ জালত চোৰাং গৰু ব্যৱসায়ী  : এখন বিলাসী জাইল' গাড়ীৰ ভিতৰৰ পৰা অবিশ্বাস্য ভাৱে উদ্ধাৰ হয় ৭ টাকৈ গৰু  :

Aiidesh News  : 26th October  :

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা ৰেঞ্জৰ  পুৱ হালধিবাৰী বন শিৱিৰৰ বন কৰ্মীয়ে নিয়মিত তালাচীৰ সময়ত আজি সন্ধিয়া এখন ৰঙা ৰঙৰ জাইল' গাড়ীৰ ভিতৰত সোমোৱাই নিয়া ৭ টাকৈ গৰু উদ্ধাৰ কৰিছে ৷ অতি নিষ্ঠুৰ আৰু অমানুষিক ভাৱে মুখ ভৰি বান্ধি এই ৭ টা গৰুক অবিশ্বাৰ্য্য ভাৱে এ এছ ০১ এফ চি  নম্বৰৰ বিলাসী জাইল' গাড়ীখনত সুমুৱাই অনা হৈছিল ৷ বোকাখাতৰ দিশৰ পৰা নগাওঁলৈ বুলি গৈ থকা জাইল'খন চালক আৰু এজনক আটক কৰিছে বনকৰ্মী সকলে ৷ গাড়ীখন জব্দ কৰা জাইল' খনৰ পৰা গৰু ৭ টা উদ্ধাৰ কৰাৰ পিচত সম্প্ৰতি ধৃত লোক দুজনক জেৰা কৰি আছে বন বিভাগৰ অভিযানকাৰী দলে ৷ 

ৰাজ্যত চলি থকা গৰুৰ চোৰাং ব্যৱসায় নিয়ন্ত্ৰনৰ বাবে আৰক্ষী কঠোৰ হোৱাৰ সময়ত গৰুৰ চোৰাং ব্যৱসায়ী সকলে গৰু সৰবৰাহৰ বাবে নিতৌ নতুন কৌশল ব্যৱহাৰ কৰিছে ৷ শেষতীয়াকে অতি নিষ্ঠুৰ ভাৱে ৭ টাকৈ গৰু ভৰাই অনা আৰু আজি দিনৰ ভাগত ৪১ টাকৈ গৰু ভৰাই অনা এখন কন্টেনাৰ ট্ৰাক গৰু সহ জব্দ কৰিছে বোকাখাতৰ আৰক্ষীয়ে ৷

******