অনুসূচিত জাতি উন্নয়ণ পৰিষদ' গঠন কৰাৰ বাবে চৰকাৰৰ লৈ অসম অনুসূচীত জাতি সমন্বয়ৰক্ষী উন্নয়ণ সমিতিৰ আহ্বান :

অনুসূচিত জাতি উন্নয়ণ পৰিষদ' গঠন কৰাৰ বাবে চৰকাৰৰ লৈ অসম অনুসূচীত জাতি সমন্বয়ৰক্ষী উন্নয়ণ সমিতিৰ আহ্বান :
Aiidesh Photo

অনুসূচিত জাতি উন্নয়ণ পৰিষদ' গঠন কৰাৰ বাবে চৰকাৰৰ লৈ অসম অনুসূচীত জাতি সমন্বয়ৰক্ষী উন্নয়ণ সমিতিৰ আহ্বান :

Aiidesh News :  2 July : 

অসমত বসবাস কৰা খিলঞ্জীয়া ভূমিপুত্রৰ ১৬ টা উপজাতিৰে গঠিত অনুসূচীত জাতি আৰু প্ৰায় ৫০ লাখৰো অধিক জনসংখ্যাৰ এই জনগোষ্ঠীটোৰ সামাজিক, শৈক্ষিক, অর্থনৈতিক সমভাৱে দ্রুত উন্নয়ণ হোৱাৰ স্বাৰ্থত অনুসূচীত জাতি উন্নয়ণ পৰিষদখন গঠন কৰাৰ বাবে অসম চৰকালৈ আহ্বান জনাইছে অসম অনুসূচীত জাতি সমন্বয়ৰক্ষী উন্নয়ণ সমিতিয়ে । 

অসম অনুসূচীত জাতি সমন্বয়ৰক্ষী উন্নয়ণ সমিতিৰ সভাপতি ৰাতুল দাস, সাধাৰণ সম্পাদক মনোজ দাস আৰু মুখ্য উপদেষ্টা বকুল হাজৰিকাই দিয়া এক প্ৰেছ বিবৃত্তিৰ মতে অসমৰ ৩৩ খন জিলাতে সিঁচৰিত হৈ থকা অনুসূচীত জাতিৰ লোকসকলে বসবাস কৰা অঞ্চলসমূহত আস্তাগাঁঠনি আজিও উন্নয়ন হোৱা নাই ৷ যাৰ ফলত জনগোষ্ঠীটোৰ উন্নয়ণত যথেষ্ট পিছ পৰি আছে ৷ অসমত উপগ্রহীয় পদ্ধতিৰে স্বায়ত্ব শাসন ব্যৱস্থা প্ৰদান কৰি অনুসূচীত জাতিৰ লোক সকলৰ নিৰাপত্তা সু-ৰক্ষা ও সর্বাংগীণ উন্নয়ণ স্বাৰ্থত বিচাৰি থকা হৈছে  যদিও অসম চৰকাৰে উন্নয়ণ পৰিষদৰ ব্যৱস্থাৰে জনগোষ্ঠী কেইটাক উপকাৰ কৰিবহে বিচাৰিছে কিন্তু উন্নয়ণ পৰিষদখন গঠনত আজিও আগ্ৰহ দেখুৱা নাই ৷ সেয়েহে অসম অনুসূচীত জাতি সমন্বয়ৰক্ষী উন্নয়ণ সমিতিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ক পুনৰবাৰ আহ্বান জনাইছে বুলি প্ৰেছ বিবৃত্তি উল্লেখ কৰিছে ৷

বহুলোক্ অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ কিছুমান অনা অনুসূচীত জাতিৰ লোকে বক্ৰ পথেৰে সংগ্ৰহ কৰি নিজকে অনুসূচীত জাতিৰ লোক সজাই অনুসূচীত জাতিৰ বাবে সংৰক্ষিত থকা চাকৰি কিম্বা পঢ়া-শুনাৰ ক্ষেত্ৰটো সুবিধা গ্ৰহন কৰি অহা বহু তথ্যও পোহৰলৈ আহিছে ৷ এনে কাৰ্য অনুসূচীত জাতিৰ বাবে যথেষ্ট ক্ষতিকাৰক হৈ উঠিছে আৰু ইয়াৰ বাবে বহু অনুসূচীত জাতিৰ লোক প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত হৈছে । এই প্ৰক্ৰিয়াটো অসংবিধানিক,  বুলি মন্তব্য কৰি এনে অন্যায় আৰু গুৰুত্ব অপৰাধ কাৰ্যক অসম অনুসূচীত জাতি সমন্বয়ৰক্ষী উন্নয়ণ সমিতিয়ে গৰিহণা দিছে ৷ লগতে এই বিষয়টোক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাক ইয়াৰ তাৎক্ষণিক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ।

লগতে অসমত যি প্রলয়ংকাৰী বানপানীৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বাবে অসম অনুসূচীত জাতি সমন্বয়ৰক্ষী উন্নয়ণ সমিতিৰ নেতৃত্বই দুখ প্ৰকাশ কৰাৰ লগতে বিপদৰ সময়ত দুৰ্গতজনক পাৰ্যমানে সহায়-সহযোগ আগবঢ়াবলৈ অসম অনুসূচীত জাতি সমন্বয়ৰক্ষী উন্নয়ণ সমিতিৰ সমুহ কৰ্মকৰ্তাক অনুৰোধো জনাইছে ৷ 

******