ধুবুৰী জিলাৰ গোলকগঞ্জত আক্ৰাছুৰ ৩০ তম প্ৰতিষ্ঠা দিৱস পালন

 

ধুবুৰী জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু গোলকগঞ্জ আঞ্চলিকৰ সহযোগত আজি উদযাপন কৰা হয় আক্ৰাছুৰ ৩০ তম প্ৰতিষ্ঠা দিৱস । ক'ৰোনা ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অতি সীমিত ভাৱে জিলাখনৰ আক্ৰাছুৰ মুখ্য কাৰ্যালয়ৰ প্ৰাঙ্গনত আয়োজিত কৰা হয় আক্ৰাছুৰ প্ৰতিষ্ঠা দিৱস । আজিৰ এই প্ৰতিষ্ঠা দিৱসত কয় যে আগন্তুক বিধানসভা নিৰ্বাচনৰ আগত কোচ ৰাজবংশীৰ দীৰ্ঘদিনীয়া দাবী কমতাপুৰ - জনজাতিকৰণ কৰা নহলে শাসনাধীষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন চলাই থাকিব বুলি সকিয়াই দিয়ে। ইয়াৰ পিছত এখন সাধাৰণ সভা অনুষ্ঠিত কৰি সভাখনত দিনে নিশাই নিজৰ জীৱনৰ প্ৰতি ভয় নকৰি মহামাৰী ক'ৰোনা ভাইৰাছৰ সৈতে যুঁজি থকা স্বাস্থ্য কৰ্মী তিনিজন আৰু নতুনকৈ দায়িত্ব লাভ কৰা গোলকগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ নাথ ক সম্বৰ্ধনা জনায় ।