দক্ষিণ কোৰিয়াতো হৈছিল নিজামুদ্দিন কাণ্ড: গীৰ্জাৰ সমাৱেশৰ পৰা হৈছিল সংক্ৰমণ

দক্ষিণ কোৰিয়াতো হৈছিল নিজামুদ্দিন কাণ্ড:  গীৰ্জাৰ সমাৱেশৰ পৰা হৈছিল সংক্ৰমণ

Covid-19 এ চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ ভৰপকতে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত দক্ষিণ কোৰিয়াৰ দীগু (Daegu) চহৰৰ চিনছেউঞ্জী নামৰ এটা গীৰ্জাঘৰত অনুষ্ঠিত হোৱা এক ধর্মীয় সমাৰোহত ১০০০ জনে লোকে অংশগ্ৰহণ কৰিছিল । তাৰ পাছত ফেব্ৰুৱাৰীৰ ১৮ তাৰিখে সেই সমাবেশত উপস্থিত থকা এগৰাকী ৬১ বছৰীয়া মহিলাৰ শৰীৰত কোৰোণাৰ অৱস্থিতি ধৰা পৰে। তেওঁ দেশ খনৰ ৩১ নম্বৰ কোৰোণা আক্রান্ত ব্যক্তি আছিল। তাৰ প্ৰায় ২৫ দিনৰ পাছত দক্ষিণ কোৰিয়াত Covid-19 ৰোগীৰ সংখ্যা ৮০০০ জনলৈ বৃদ্ধি পায় আৰু ইয়াৰ ৪৩০০ জন সেই সমাবেশলৈ গৈছিল নতুবা যোৱা লোকৰ সংস্পৰ্শলৈ আহিছিল ।

দক্ষিণ কোৰিয়াৰ এই ঘটনাৰে দিল্লীৰ নিজামুদ্দিনৰ ঘটনা সাদৃশ্য আছে । প্ৰাৰম্ভিক অৱস্থাতে নিজামুদ্দিন কাণ্ড প্ৰতিহত নকৰিলে কোৰিয়া সদৃশ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা নুই কৰা নাই বিশেষজ্ঞই ।
অৱশ্যে দক্ষিণ কোৰিয়াই যি ধৰণে এই পৰিস্থিতিৰ মুকবিলা কৰিলে ভাৰতে তাৰ পৰা কিছু শিক্ষা লোৱাৰ অৱকাশ আছে । চহৰ খনৰ মেয়ৰ আৰু Disease Outbreak ৰ মূৰব্বীয়ে তৎক্ষণাত সমাবেশত উপস্থিত থকা লোকৰ চিনাক্তকৰণ আৰু তেওঁলোকৰ Contact Tracing Program আৰম্ভ কৰিলে । Disease Outbreak ৰ মূৰব্বী পক-কীৰ মতে চহৰ খনৰ ভিতৰত অনুষ্ঠান টোৰে জড়িত ১০০০০ লোক ওলাল ।
তেওঁ কয় – আমি সকলোৰে স্বাস্থ্য পৰীক্ষা কৰিলোঁ আৰু তাৰে ভিতৰত ৮৭.৫ শতাংশই কোৰোণা ভাইৰাছত আক্রান্ত পোৱা গল; অতি শীঘ্ৰেই আমি এখন বৃহৎ অস্থায়ী চিকিৎসালয় নিৰ্মাণ কৰিলোঁ আৰু সকলোকে তাত আছুতীয়াকৈ ৰাখি চিকিৎসা আৰম্ভ কৰিলোঁ । প্ৰাৰম্ভিক পৰ্যায়ত আমি সেই কাম নকৰাহৈ আমাৰো অৱস্থা আমেৰিকা অথবা ইটালী সদৃশ হল হেতেন, মন্তব্য কৰে পক-লীয়ে।
চহৰ খনৰ ভিতৰত কৰা massive mobilization program –এ বেমাৰটো দেশ খনৰ অন্য ৰাজ্যত বিয়পাত বাধা প্ৰদান কৰিলে আৰু দক্ষিণ কোৰিয়া এক সম্ভাব্য বিপদৰ পৰা হাত সাৰিল ।
কেৱল নিজামুদ্দিনেই বা দক্ষিণ কোৰিয়াৰ সেই গীৰ্জাঘৰটোৱেই নহয় চিংগাপুৰতো তিনিটা গীৰ্জাঘৰৰ সমাবেশৰ যোগেদি ৩৮ জন লোক আক্রান্ত হৈছিল । নিজামুদ্দিনৰ বেলিকা অৱশ্যে ধৰ্মীয় অনুষ্ঠানটোত অংশগ্ৰহণ কৰা বহু লোক দেশৰ বিভিন্ন ৰাজ্য পালেগৈ আৰু বহুতে চৰকাৰৰ চিনাক্তকৰণ প্ৰক্ৰিয়া আৰু আছুতীয়াকৈ ৰখাৰ ব্যৱস্থাত সহযোগ কৰা নাই ।