সকলো দোকান-পোহাৰ খোলাৰ নিৰ্দেশ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ

সকলো দোকান-পোহাৰ খোলাৰ নিৰ্দেশ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ
Image Courtesy : @zeebiz

সকলো দোকানপোহাৰ খোলাৰ নিৰ্দেশ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ। তলাবন্ধ অন্ত পৰাৰ আগতেই এই নিৰ্দেশ গৃহ মন্ত্ৰণালয়ৰ। ৰাজ্যসমূহৰ Shops and Establishments Actৰ অধীনত পঞ্জীকৃত সকলো দোকান খুলিবলৈ ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলৰ মুখ্য সচিবলৈ গৃহ মন্ত্ৰণালয়ে প্ৰেৰণ কৰিছে পত্ৰ।

২৪ এপ্রিলত প্ৰেৰণ কৰা এই পত্ৰত Residential Complex আৰু Market Complexত থকা দোকানসমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে কৰিছে কেন্দ্ৰীয় চৰকাৰে। কিন্তু খুলিব নোৱাৰিব Multi Brand আৰু Single Brand মলসমূহ।

এই দোকান সমূহ পঞ্চাশ শতাংশ কৰ্মচাৰীৰে পৰিচালনা কৰিব লাগিব আৰু সামাজিক দূৰত্ব বাধ্যতামূলক হব। Hotspot আৰু Red Zoneত প্ৰযোজ্য নহব এই নিৰ্দেশ।