বিশ্বৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্টত সফলতাৰে আৰোহন কৰি ইতিহাস ৰচনা অসমৰ লখিমপুৰৰ জীয়ৰী ৰূপামনি গড়ৰ :
Aiidesh News : 23 May - 2026 :
অসমৰ লক্ষীমপুৰৰ জীয়ৰী ৰূপামণি গড়ে ইণ্ডো তিৰ্বতিয়ান বৰ্ডাৰ পুলিচৰ এটা মহিলা দলৰ সৈতে ২১ মে’ত সফলতাৰে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্টত আৰোহন কৰি অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনে । এভাৰেষ্ট শৃংগ আৰোহণ কৰিবলৈ সক্ষম হোৱা অসমৰ প্ৰথম গৰাকী মহিলা পৰ্বত আৰোহনকাৰী হিচাবে পৰিগনিত হ’ল ৰূপামনি গড় । জানিব পৰা মতে ২১ মে’ত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় এভাৰেষ্ট অভিযান সম্পূৰ্ণ কৰা ইণ্ডো তিৰ্বতীয়ান বৰ্ডাৰ পুলিচৰ দলটোত ১১ গৰাকী মহিলা পৰ্বত আৰোহীয়ে সফলতাৰে বিশ্বৰ সৰ্বোচ্চ শৃঙ্গত এভাৰেষ্টত আৰোহন কৰিবলৈ সক্ষম হৈছে । এই মহিলা দলটোৱে নেপালৰ দিশে থকা চাউথ ক’ল পথৰ জৰিয়তে ২১ মে’ৰ পুৱা ৬:৫২ বজাত ৮,৮৪৮.৮৬ মিটাৰ প্ৰায় ২৯ হেজাৰ ফুট উচ্চতালৈ আৰোহণ কৰে । অভিযানকাৰী পৰিচালনা কৰা বিভাগীয় সুত্ৰই জনোৱা মতে মহিলা পৰ্বত আৰোহণকাৰী দলৰ অধিনায়ক অসমৰ ভনিতা তিমুঙপীৰ তত্বৱধানত ক্লাইম্বিং অধিনায়ক অনুপ কুমাৰ আৰু অভিযান পৰিদৰ্শক তথা গাইড ছোনম চিৰিং লামাৰ নেতৃত্বত দলটোৱে বৃহস্পতিবাৰৰ পুৱা ৮ বজাৰ পৰা শিখৰ অভিমুখে অগ্ৰসৰ হৈছিল । দলটোয়ে ৮ হেজাৰ মিটাৰ ওপৰত থকা বিপজ্জনক “ডেথ জ’নৰ ভয়াবহ পৰিস্থিতি, বৰফাবৃত ঠিয় পৰ্বত চূড়া আৰু অক্সিজেনৰ অভাৱৰ মাজতে বিশ্বৰ সৰ্বোচ্চ শিখৰ এভাৰেষ্ট আৰোহণ সম্পূৰ্ণ কৰে । উল্লেখ্য যে দীঘলীয়া প্ৰশিক্ষণ আৰু প্ৰস্তুতিৰ পিছত এই মহিলা আৰোহনকাৰী দলটোক চলিত বৰ্ষৰ ১৯ এপ্ৰিলত আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰা হৈছিল । দলটোৰ মুঠ ১৪ গৰাকী সদস্যৰ ১১ মহিলা সদস্য আৰু বাকী ৩ গৰাকী কাৰিকৰী কৰ্মচাৰীও আছিল। উল্লেখ্য দলৰ অধিনায়ক হিচাবে অসমৰ ভনিতা তিমুংপীয়ে সমগ্ৰ অভিযান তদাৰক কৰিছিল যদিও এভাৰেষ্ট আৰোহন কৰা নাছিল ।
*******



