কামিং- মনট্ৰিল গ্লবেল বায়’ ডাইভাৰচিটি ফ্ৰেমৱৰ্কৰ পটভুমিত ভাৰতৰ ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰতাৰ লক্ষ্য নিৰ্ধাৰণ আৰু আঁচনি প্ৰস্তুতৰ বাবে কাজিৰঙাত গুৰুত্বপূৰ্ণ বৈঠক :

কামিং- মনট্ৰিল গ্লবেল বায়’ ডাইভাৰচিটি ফ্ৰেমৱৰ্কৰ পটভুমিত ভাৰতৰ ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰতাৰ লক্ষ্য নিৰ্ধাৰণ আৰু আঁচনি প্ৰস্তুতৰ বাবে কাজিৰঙাত গুৰুত্বপূৰ্ণ বৈঠক  :
Aiidesh Photo

Aiidesh News : 6 February 2024 : 

কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰতা প্ৰাধিকৰণ আৰু পৰিৱেশ, কেন্দ্ৰীয় বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (ইউএনডিপি) উদ্যোগত বায়’টেক কনচৰ্টিয়াম ইণ্ডিয়া লিমিটেডৰ সহযোগত দুদিনীয়া কাৰ্যসুচীৰে ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰতাৰ লক্ষ্য নিৰ্ধাৰণ আৰু আঁচনি প্ৰস্তুতৰ দ্বিতীয় আঞ্চলিক পৰামৰ্শদাতা বৈঠক কঁহৰাৰ আয়’ৰা ৰিজৰ্টত আজিৰে পৰা আৰম্ভ হৈছে । 

এই উপলক্ষে আজি পুৱা আয়'ৰা ৰিজৰ্টৰ প্ৰেক্ষাগৃহত এই বৈঠকৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় ৷ ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰতাৰ নিৰ্দেশনা আৰু কাৰ্য আঁচনিৰ পুনৰীক্ষণ আৰু কামিং- মনট্ৰিল গ্লবেল বায়’ ডাইভাৰচিটি ফ্ৰেমৱৰ্কৰ পটভুমিত দেশৰ জৈৱ বৈচিত্ৰতাৰ লক্ষ্য নিৰ্ধাৰণৰ বাবে আয়োজিত এই বৈঠকত আদৰণি ভাষন প্ৰদান কৰে ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰতা প্ৰাধিকৰণৰ সচিব ড৹ বি বালাজীয়ে ৷ অনুষ্ঠানৰ অন্যতম আয়োজক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড০ সোনালী ঘোষেও অনুষ্ঠানৰ সকলো অতিথিকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আদৰণি জনায় ৷ উদ্বোধনী অনুষ্ঠানত  কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে উপদেষ্টা ৰঘু কুমাৰ কোদালী, ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰতা প্ৰাধিকৰণৰ অধ্যক্ষ চি আচালেন্দৰ ৰেড্ডি, ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনিৰ প্ৰকল্প বিষয়া ড০ জে সুন্দৰাপাণ্ডিৰ উপৰিও উত্তৰ পুৰ্বাঞ্চলৰ ৰাজ্যৰ লগতে পশ্চিম বঙ্গক লৈ মুঠ ৯ খন ৰাজ্যৰ বিষয়া কৰ্মচাৰীৰ উপৰিও বেচৰকাৰী সংগঠনৰ প্ৰতিনিধি আৰু স্থানীয় অংশীদাৰেও অংশগ্ৰহন কৰে ৷   

আজিৰ প্ৰথম পৰ্যায়ৰ আলোচনাত ৰাষ্ট্ৰীয় জৈৱ বিবিধতা প্ৰাধিকৰণৰ সচিব ড৹ বি বালাজী আৰু ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনিৰ প্ৰকল্প বিষয়া ড০ জে সুন্দৰাপাণ্ডিয়ে ভাৰতৰ ৰাষ্ট্ৰীয় জৈৱ বিবিধতাৰ নিৰ্দেশনা আৰু কাৰ্য আঁচনিৰ প্ৰস্তুতৰ বাবে দ্বিতীয় বাৰৰ বাবে এই বৈঠকৰ আয়োজন কৰাৰ কথা উল্লেখ কৰি দেশৰ জৈৱ বৈচিত্ৰ সংৰক্ষণ বাবে লোৱা প্ৰচেষ্টা আৰু কামিং- মনট্ৰিল গ্লবেল জৈৱ বৈচিত্ৰতা ফেৰ্মৱৰ্কৰ বিষয়ে আলোচনা আগবঢ়ায় ৷ পৰৱৰ্তী সময়ত অংশগ্ৰহনকাৰী সকলে দুটা গোটত বিভক্ত হৈ ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰতাৰ নিৰ্দেশনা খচৰাৰ ওপৰত বিস্তৃত আলোচনাৰ লগতে বিভিন্ন পৰামৰ্শও আগবঢ়ায় ৷

*********