আসম লোকসেৱা আয়োগৰ সদ্য ঘোষিত পৰীক্ষাত বোকাখাতৰ সাফল্য : পাঁচ গৰাকী পৰীক্ষাৰ্থীয়ে বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে :

আসম লোকসেৱা আয়োগৰ সদ্য ঘোষিত পৰীক্ষাত বোকাখাতৰ সাফল্য : পাঁচ গৰাকী পৰীক্ষাৰ্থীয়ে বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে :
Aiidesh Photo

Nilu Acharjee  : 19 January 2024  :  

সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত বোকাখাতৰ পাঁচ গৰাকী প্ৰতিভাৱান পৰীক্ষাৰ্থীয়ে দেখুওৱা সুখ্যাতি আৰু চমকপ্ৰদ কৃতকাৰ্যতাই বোকাখাতলৈ গৌৰৱ কঢ়িয়াই অনাত  বোকাখাতত আনন্দৰ বন্যা বৈছে । উল্লেখ্য যে বোকাখাত ৩নং ৱাৰ্ড নিবাসী চাজাদ আহমেদ আৰু শ্বেহনাজ বেগমৰ পুত্ৰ আলয়ামান ফিৰদুছ আহমেদে সুখ্যাতিৰে ৰাজ্যখনৰ ভিতৰতে ৮১ নং স্থান লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে । 

বোকাখাত ১নং ৱাৰ্ড নিবাসী প্ৰয়াত প্ৰভাত শৰ্মা আৰু মণিকা বৰুৱা শৰ্মাৰ পুত্ৰ মৃগাংক গাৰ্গে সুখ্যাতিৰে এই পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰিছে । ইয়াৰ আগতেও সুখ্যাতিৰে কৃতকাৰ্যতা লাভ কৰি মৃগাংগ গাৰ্গ সম্প্ৰতি কলিয়াবৰৰ উপ পঞ্জীয়ক বিষয়া হিচাবে কৰ্মৰত হৈ আছে । বোকাখাত ২নং ৱাৰ্ড নিবাসী বিজু ছেত্ৰীয়েও এই পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰিছে । বিজু ছেত্ৰী বৰ্তমান বোকাখাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী অভিযন্তা হিচাবে কৰ্মৰত । বিজু ছেত্ৰী কৃষ্ণ বাহাদুৰ ছেত্ৰী আৰু ৰূপা ছেত্ৰীৰ পুত্ৰ । বোকাখাতৰ বানাক্ৰান্ত অঞ্চল নিকৰি বৰতল গাঁও নিবাসী ৰূপেশ্বৰ মৰাং আৰু জাম্বৱতী মৰাঙৰ পুত্ৰ চন্দনজ্যোতি মৰাঙে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বানপীড়িত অঞ্চলৰ লগতে বোকাখাতলৈ গৌৰৱ‌ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তৃতীয় বৰ্গৰ কৰ্মচাৰী হিচাবে কৰ্মৰত সুৰজ দুৱৰায়ো সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত কৃতকাৰ্যতা লাভ কৰি কাজিৰঙালৈ গৌৰৱ কঢ়িয়াই আনিছে । দুৱৰা গোলাঘাট জিলাৰ সৰুপথাৰ নিৱাসী । বিগত বৰ্ষৰ জুন মাহত সুৰজ দুৱৰাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তৃতীয় বৰ্গৰ কৰ্মচাৰী হিচাবে যোগদান কৰিছিল । বিগত ২০২১ বৰ্ষৰ পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বহাৰ বাবে অধ্যয়ন অব্যাহত ৰাখিছিল বুলি দুৱৰাই সাংবাদিকক জানিবলৈ দিছে । এই সফলতাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ কাৰ্যালয়ত সঞ্চালক ড: সোনালী ঘোষ আৰু কৰ্মচাৰী সকলে দুৱৰা আন্তৰিক শুভেচ্ছা জনায় । 

ইফালে দীৰ্ঘদিন কাজিৰঙা আৰু বোকাখাতত কৰ্মৰত হৈ থাকি সেৱা আগবঢ়োৱা আৰক্ষী বিষয়া ভৱেন বসুমতাৰী আৰু কাজিৰঙাৰ সংবাদদাতা হিচাবে এসময়ত সেৱা আগঢ়োৱা পলিমা বি চেতিয়াৰ কন্যা ভিক্ট'ৰিয়া প্ৰিয়ম বসুমতাৰীয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ সদ্যঘোষিত ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে । ভিক্ট'ৰিয়া প্ৰিয়ম বসুমতাৰী বৰ্তমান ঢেকিয়াজুলি নিবাসী যদিও বোকাখাততে সুখ্যাতিৰে স্কুলীয়া শিক্ষা লাভ কৰা হেতুকে ভিক্ট'ৰিয়াৰ কৃতকাৰ্যতাই বোকাখাতবাসীক গৌৰৱান্বিত কৰিছে ৷

********