অসম নগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস

অসম নগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস
নগালেণ্ড সীমান্ত

অসম নগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তৰ পুনৰ সন্ত্ৰাস।দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত নাগিনীজান চাহ বাগিছাৰ বিশাল গড় আৰু নৰেন নায়ক নামৰ দুই অসমীয়া কিশোৰক আজি বিয়লি নগা দুৰ্বৃত্তই নিৰ্মম প্ৰহাৰ কৰাক লৈ সীমান্তত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে।স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে কিশোৰ দ্বয়ে নাগিনীজান চাহ বাগিছাৰ সীমান্তবৰ্তী অঞ্চলত গৰু বিচাৰিবলৈ যাওতে অসমৰ মাটিত থকা দুলাল বৰুৱা পথত নগা দুৰ্বৃত্তৰ এটা দলে আগচি ধৰি জেওৰা খুটিৰে গুৰুলা গুলকৈ প্ৰহাৰ কৰে।আনহাতে নগা দলটোৱে কিশোৰদ্বয়ক পুনৰ সেই ফালে নাহিবলৈ সকীয়াই দিয়ে।আনহাতে নগাই দুলাল বৰুৱা পথত অসমীয়া লোকৰ চাল চলন নিষিদ্ধ কৰা লগতে পুখুৰীৰ পৰা পানী সংগ্ৰহ কৰাটো বাধা প্ৰদান কৰিছে। উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা নাগিনীজান চাহ বাগিছাৰ সমীপত থকা চেয়াৰমেন বস্তিৰ নগা দূৰ্বৃত্তই অসমীয়া লোকৰ পশু ধন গুলীয়াই হত্যা কৰি লৈ যোৱা ঘটনা সংঘটিত হৈ আহিছে যদিও নগা দূৰ্বৃত্তৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ পদক্ষপ লবলৈ সক্ষম হোৱা নাই।