উৰিয়ামঘাটৰ পৰা ইকৰাণী পথটোৰ জৰাজীৰ্ণ ৰুপ

উৰিয়ামঘাটৰ পৰা ইকৰাণী পথটোৰ জৰাজীৰ্ণ ৰুপ

অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ সৰুপথাৰ গ্ৰাম্য পথ সংমণ্ডল কাৰ্যালয়ৰ অধীনস্থ উৰিয়ামঘাটৰ পৰা ইকৰাণী, প্ৰেমহৰা হৈ বৰপথাৰ সংযোগী প্ৰায় বিশ কিলোমিটাৰ দৈৰ্ঘ্যৰ গড়কাপ্তানী পথটো মেৰামতিৰ অভাৱত বিগত কেইবাবছৰ ধৰি জৰাজীৰ্ণ ৰুপ ধাৰণ কৰিছে | পথৰ মাজত দঁ দঁ গাতৰ সৃষ্টি হৈ যাতায়তৰ অনুপযোগী হৈ পৰিছে | পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই | ইয়াৰোপৰি স্থানীয় বিধায়িকা ৰ'জলিনা তিৰ্কীয়েও পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ | 

 

পথছোৱা চেন্ড গ্ৰেভেল পেলাই মেৰামতি কৰে ধনশিৰি মহকুমাৰ দৈয়াং ডাম্পাৰ মালিক সংস্থাই | ডাম্পাৰৰ মালিক সকলে  নিজা খৰছত পথটোত আজি প্ৰায় ১৭৫ ডাম্পাৰ চেন্ড গ্ৰেভেল পেলাই জে চি বি ৰে মিলাই পথছোৱা মেৰামতি কৰে |

 

অসম নগালেণ্ড সীমান্তৰ দৈয়াং নদীৰ পৰা দৈনিক প্ৰায় চাৰি শতাধিক ডাম্পাৰে শিল কঢ়িয়ায় | ধনশিৰি মহকুমাৰ বিভিন্ন স্থানৰ লগতে গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আদি উজনি অসমৰ বিভিন্ন প্ৰান্তত এই শিল সমুহ সৰবৰাহ হয় | স্থানীয় ব্যৱসায়ী আৰু বহু নিৱনুৱা যুৱকে বেংকৰ পৰা ঋণ লৈ ডাম্পাৰ ক্ৰয় কৰি এই শিল কঢ়িওৱা ব্যৱসায়ৰ লগত জড়িত হৈছে | 

 

 উৰিয়ামঘাট ইকৰাণী প্ৰেমহৰা হৈ বৰপথাৰ সংযোগী গড়কাপ্তানী পথছোৱা জৰাজীৰ্ণ ৰুপ ধাৰণ কৰাত বিগত কেবা মাহ ধৰি সৰুপথাৰ নগৰৰ মাজেৰে ডাম্পাৰ সমূহ চলাচল কৰিছিল |  শিল কঢ়িওৱা গধুৰ গধুৰ ডাম্পাৰ সমুহ সঘন চলাচলৰ ফলত সৰুপথাৰ নগৰৰ বাট-পথ সমুহ বিধস্ত হব ধৰিছে | 


 

 লক্ষণীয় কথাটো হল গড়কাপ্তানী পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত ডাম্পাৰ মালিক সকলে নিজা খৰছত শিল পেলাই যুদ্ধকালীন তৎপৰতাৰে পথ মেৰামতি কৰি আছে | গড়কাপ্তানী বিভাগৰ তৰফৰপৰা পৰা পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰে ডাম্পাৰ মালিক সকলে |