যোৰহাটৰ নিমাতৰ ফেৰী দুৰ্ঘটনাত সন্ধানহীন হোৱা চিকিৎসক ডাঃ বিক্ৰমজিত বৰুৱাৰ মৃতদেহ উদ্ধাৰ |

যোৰহাটৰ নিমাতৰ ফেৰী  দুৰ্ঘটনাত সন্ধানহীন হোৱা চিকিৎসক ডাঃ বিক্ৰমজিত বৰুৱাৰ মৃতদেহ উদ্ধাৰ ।

যোৱা ৮ ছেপ্টেম্বৰৰ বিয়লি যোৰহাটৰ নিমাতি ঘাটত সংঘটিত ফেৰী দুৰ্ঘটনাত সন্ধানহীন হৈ আছিল যোৰহাটৰ চিকিৎসক ডাঃ বিক্ৰমজিত বৰুৱা । বিগত কেইদিনত চিকিৎসক জনৰ সন্ধাত  NDRF /SDRF বাহিনীয়ে ব্ৰহ্মপুত্ৰৰ মাজত অভিযান অব্যাহত ৰাখিছিল । মঙ্গলবাৰে মাজুলীৰ দক্ষিণ আহঁতগুৰিৰ ভেকেলী  চাপৰিত  ব্ৰহ্মপুত্ৰৰ বুকুত   এটা মৃতদেহ উদ্ধাৰ কৰা হয় ।  উক্ত মৃতদেহটো নিমাতীৰ নাও  দুৰ্ঘটনাৰ নিৰুদিষ্ট চিকিৎসক ডঃ বিক্ৰমজিৎ বৰুৱা   বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে ৷ মৃতদেহটো নিমাতিলৈ অনাৰ পাছত মৰুণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ অনাৰ ব্যৱস্থা কৰা  হৈছে ।   

যোৰহাটৰ পৰা নেকিব আহমেদৰ ৰিপৰ্ট । এই দেশ ।