গৃহ বন্দী মানুহ উপকূলত ঘুৰিছে লক্ষাধিক কাছ

গৃহ বন্দী মানুহ উপকূলত ঘুৰিছে  লক্ষাধিক কাছ
গৃহ বন্দী মানুহ উপকূলত ঘুৰিছে লক্ষাধিক কাছ

 

এই দেশৰ বিশেষঃ কৰোণাৰ আতংকৰ বাবেই বাহিৰলৈ ওলাব পৰা নাই মানুহ,সকলো আৱদ্ধ ঘৰতে,সেয়ে সাগৰৰ উপকূলত পর্যটক দেখা নাই৷ সমগ্ৰ ভাৰত যেতিয়া ঘৰবন্দি সেই সুযোগতেই ওড়িশা উপকূলত পুনৰ  দেখা গল বিপন্ন প্রজাতিৰ বহু  লাখ কাছৰ সমুদ্রত নিমাওমাওৰ সুযোগত মহানন্দে ফুৰাৰ আনন্দ।প্রজননত বাধা নাই৷ এবছৰতে মাথো উড়িষ্যা উপকূলত নতুনকৈ বহু লাখ কাছৰ জন্ম হব বুলি ভাবিছে প্রাণীবিজ্ঞানীসকলে।

প্ৰদূষণ কম হোৱাত ফলে লাহে লাহে যেন সুস্থ হৈছে পৃথিবী৷ আৰু এই আবেশতে উড়িষ্যাৰ ঘাড়িমাথা আৰু ৰুশিকুল্লা ৰুকাৰী উপকূলত দেখা গল ওলিভ ৰিলি নামৰ এক ধৰনৰ বিপন্ন প্রজাতিৰ কাছৰ৷ ৫ পৰা ৬ লাখৰো অধিক কাছ সমুদ্রৰ পাৰত৷

মানুহৰ হাতত চিকাৰ হোৱাৰ  কাৰণে উপকূল অঞ্চলত এইবিলাক দেখা পোৱা নগৈছিল। কিন্তু কৰোনা সংক্রমণৰ ভয়ত মানুহ এতিয়া গৃহবন্দি৷ সেয়ে  বংশ বিস্তাৰৰ বাবে পুনৰ এবাৰ দেখা গৈছে এই কাছবোৰক৷ যাক দেখি আপ্লুত জীব বিজ্ঞানীসকলো৷