অসমৰ প্ৰথমজন কোৰোণাত মৃত্যু হোৱা লোকৰ শেষকৃত্য সম্পন্ন
                        অসমত কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকজনৰ শেষকৃত্য সম্পন্ন। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, হাইলাকান্দিৰ নিজ বৰজুৰাই গাঁৱত কবৰস্থ কৰা হয় লোকজনক। পৰিয়ালৰ কোনো লোককে শেষবাৰলৈও চাবলৈ দিয়া নহ’ল মৃতদেহ। গাঁৱৰ আন লোকেও অংশগ্ৰহণ কৰিব নোৱাৰিলে শেষকৃত্যত। বৃহস্পতিবাৰে শিলচৰ মেডিকেল কলেজত মৃত্যু হৈছিল হাইলাকান্দিৰ ফইজুল হক বৰভূঞা নামৰ লোকজনৰ।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
