অৱেশষত মাজুলীত চলিল ফেৰী
অসম চৰকাৰে ২৫, ২৬ আৰু ২৭ এপ্রিলত ই–পাছৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন জিলাত আবদ্ধ হৈ থকা লোকসকলক স্বগৃহলৈ যোৱাৰ সুবিধা প্রদান কৰাৰ কার্যকৰী ব্যৱস্থা হিচাপে যোৰহাট জিলা প্রশাসনে নিমাতীঘাটৰ পৰা ফেৰী চলোৱাৰ বিপৰীতে দেওবাৰে মাজুলীৰ পাৰৰ পৰা ফেৰী চলাইছে মাজুলী জিলা প্রশাসনে৷ ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধৰ বাবে যোৱা ২১ মার্চত মাজুলী–নিমাতী ফেৰী সেৱা বন্ধ কৰি দিছিল মাজুলী জিলা প্রশাসনে৷ কিন্তু ই–পাছৰ জৰিয়তে তিনি দিন বিভিন্ন জিলাৰ পৰা অহা–যোৱাৰ ব্যৱস্থা কৰিছিল চৰকাৰে৷ ১ মাহ ৬ দিনৰ মূৰত এনেদৰে তিনি দিনৰ বাবে ই–পাছ থকাসকলক লৈ চলিছে মাজুলী–নিমাতী ফেৰী সেৱা ।