আজিৰে পৰা ঘৰে ঘৰে বিক্রী হ’ব মাছ
                            পুৱাৰে পৰা মহানগৰত উপলব্ধ হ’ব মাছৰ যোগান৷ কামৰূপ মহানগৰ জিলা প্রশাসনৰ এক নির্দেশ অনুসৰি কাইলৈৰ পৰা গুৱাহাটীৰ মানুহৰ ঘৰে ঘৰে মাছ বিক্রী কৰিবৰ বাবে যাব লাগিব মাছ বেপাৰী৷ উল্লেখযোগ্য যে প্রশাসনে নির্ধাৰণ কৰি দিয়া দামতহে বিক্রী কৰিব পাৰিব মাছ৷
দাম অনুসৰি ভাঙোন, মিৰিকাৰ কেজি ২৫০ টকা, ৰৌ, মিৰিকাৰ কেজি ৩০০ টকা, গ্রাছ কাপ, ছিলভাৰ কাপ, কমন কাপৰ কেজি ২৫০ টকা, শ’ল, শাল আৰু কাৱৈৰ কেজি ৪৫০ টকাতকৈ অধিক হ’ব নোৱাৰিব৷ নির্দেশ অনুসৰি ৰূপনগৰস্থিত ফিছফেডৰ আউটলেটৰ পৰা সংগৃহীত মাছ উক্ত অঞ্চলৰ সমীপত বিক্রী কৰিব পাৰিব৷
বিক্রীৰ সময়ত কভিড-১৯ৰ বাবে প্রশাসনে নির্ধাৰণ কৰা নিয়মবোৰ মানি চলিব লাগিব৷ আনহাতে ঘৰে ঘৰে মাছ দিবলৈ যোৱা বেপাৰীসকলে মাছবোৰ উজানবজাৰ ঘাট, পাণ্ডু ঘাট আৰু ভেটাপাৰা পইণ্টৰ পৰা সংগ্রহ কৰিব লাগিব৷ লগতে প্রতি পুৱা ৭ বজাৰ ভিতৰত মাছ বিক্রী কৰি শেষ কৰিবৰ বাবেও প্রশাসনে নির্দেশ দিয়ে৷
উল্লেখযোগ্য যে কোনো ব্যৱসায়ীয়ে পথৰ কাষত মাছ বিক্রী কৰিব নোৱাৰিব৷ লগতে সতেজ মাছ বিক্রী কৰিব লাগিব৷ আনহাতে যদি কোনো বেপাৰীয়ে প্রশাসনে নির্ধাৰণ কৰি দিয়া দামতকৈ অধিক দামত মাছ বিক্রী কৰে তেতিয়া তেনে বেপাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰিব৷
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
