এ আই ইউ ডি প্ৰধান মৌলানা বদৰউদ্দিন সু-স্বাস্থ্যৰ কামনা
                        ধুবুৰী লোক সভা সমষ্টিৰ সাংসদ তথা এ আই ইউ ডি প্ৰধান মৌলানা বদৰউদ্দিন আজমল আৰু তেওঁ কণিষ্ঠ ভাতৃ চিৰাজ উদ্দিন আজমলৰ শেহতীয়াকৈ স্বাস্থ্যৰ বহু অৱণতি ঘটিছে। সম্প্ৰতি দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তেওঁলোক। দুই ভাতৃদ্ধয়ৰ আশু আৰোগ্য কামনাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দলটোৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মী সকলে অদৃশ্য জনৰ চৰণত প্ৰাৰ্থনা জনাইছে সমান্তৰালভাৱে আজি লাহৰীঘাট বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰাজাগাধোৱাত আজমল ভাতৃদ্বয়ৰ সু-স্বাস্থ্য কামনাৰে মাস্ক পিন্ধি সামাজিক দূৰত্ব বজাই ৰাখি পৱিত্ৰ কোৰান খতমৰ আয়োজন কৰে। অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলা এ আই ইউ ডি এফৰ সভাপতি তথা আগন্তুক বিধান সভা নিৰ্বাচনৰ দলটোৰ লাহৰীঘাট সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ছিদ্দিক আহমেদ, লাহৰীঘাট ব্লক এ আই ইউ ডি এফৰ সভাপতি হাফিজ আব্দুৰ ৰেজ্জাক , সম্পাদক হিবজুৰ ৰহমানৰ উপৰিও দলটোৰ জিলা সমিতি আৰু সমষ্টিৰ কমিটিৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মী সকল।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
