ছোৱাইন ফিভাৰত গাহৰিৰ মৃত্যু

ছোৱাইন ফিভাৰত গাহৰিৰ মৃত্যু
ছোৱাইন ফিভাৰ

কৰ’না ভাইৰাছৰ সংক্ৰমণে মহামাৰীৰ ৰূপ লোৱাৰ সময়তে গাহৰি পালকৰ মূৰত ৰামটাঙোন শোধাইছে ছোৱাইন ফিভাৰ নামৰ ৰোগে ৷ এই ৰোগত ৰাজ্যৰ বিভিন্ন স্থানত ব্যাপৰ হাৰত গাহৰিৰ মৃত্যু ঘটাত গাহৰি পালকৰ মূৰত সৰগ ভাগি পৰাৰ দৰে অবস্থাৰ সৃষ্টি হৈছে ৷

শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ বিভিন্ন গাঁৱতো এইদৰে গাহৰি মৰিবলৈ ধৰাৰ খবৰ পোৱা গৈছে ৷ জানিব পৰা মতে একোটা সুস্থ স্বাস্থ্যবান গাহৰিয়ে হঠাতে খাবলৈ বাদ দি জুপুকা মাৰি থাকি দুই-তিনিদিনৰ পাছত মৃত্যুক সাৱটি লয় ৷ লকডাউনৰ সময়ত কৃষকৰ উপাৰ্জনৰ সকলো পথ বন্ধ হৈ পৰাৰ সময়তে পোহনীয়া গাহৰিৰ অস্বাভাৱিক মৃত্যুৱে হাহাকাৰ অবস্থাৰ সৃষ্টি কৰিছে ৷ জিলাখনৰ ডাঙৰী অঞ্চলৰ কেইবাখনো গাঁৱত এইদৰে গাহৰিৰ মৃত্যু ঘটাৰ খবৰ পাই ডাঙৰী ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসকৰ সৈতে যোগাযোগ কৰি জানিব পৰা মতে ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱৰ বাবেই এইদৰে গাহৰিৰ মৃত্যু ঘটিছে ৷

চৰকাৰী ভাবে এই ৰোগৰ প্ৰতিষেধক ঔষধৰ যোগান নথকাত চকুৰ আগতে গাহৰিৰ অস্বাভাৱিক মৃত্যু ঘটাৰ পাছতো পশু চিকিৎসকে হাত সাবটি বহি থাকিব লগীয়া হোৱাৰ দৰে হৈছে ৷ আনহাতে এই প্ৰতিষেধক ঔষধবিধ ওচৰে পাজৰে ফাৰ্মাচীটো উপলব্ধ নোহোৱাত আৰু দেশত লকডাউন চলি থকাৰ বাবে যাতায়তৰ অসুবিধাৰ বাবে ঔষধ বিচাৰি অ'লৈ-ত'লৈ যাব নোৱাৰাৰ বাবে বিনা চিকিৎসাৰে গাহৰিৰ মৃত্যুৰ দৃশ্য পালকসকলে চাই থাকিব লগীয়া হৈছে ৷

জিলা পশু চিকিৎসা বিভাগেও বিষয়টোত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ জোনাই, ধেমাজি আদি স্থানত দুই-তিনিমাহ পূৰ্বেই হোৱা এই ৰোগ প্ৰতিৰোধৰ বাবে জিলা পশুচিকিৎসা বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰো গুৰুতৰ অভিযোগ উঠিছে ৷ ইফালে এই ৰোগ অতি সোঁচৰা হোৱাৰ বাবে গঞা ৰাইজে কেনেধৰণৰ সাৱধানতা লৈ ৰোগ প্ৰতিৰোধ কৰিব পাৰিব তাৰ বাবেও কোনোধৰণৰ সজাগতা সৃষ্টিৰ বাবে কৰা কামো চকুত পৰি নাই ৷ তদুপৰি ডাঙৰী অঞ্চলত মৃত্যু ঘটা গাহৰিৰ ৰোগ নিৰ্ধাৰণৰ বাবে এতিয়াও মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা নকৰোৱাত প্ৰকৃততে ছোৱাইন ফিভাৰ নে আন কিবা ৰোগতহে গাহৰি মৰিছে সেইয়া নিশ্চিত ভাবে জানিব পৰা হোৱা নাই ৷

অসম আৰু অৰুণাচল প্ৰদেশত সম্প্ৰতি গাহৰিৰ মহামাৰীৰ ৰূপ লোৱা এই ৰোগ চিনাক্ত কৰণৰ বাবে গুৱাহাটীৰ খানাপাৰাস্থ নৰ্থ ইষ্টাৰ্ণ ৰিজন ডিজিছ ডাইগ্নষ্টিক লেবৰেটৰী নামৰ সংস্থাই কাম কৰি আছে বুলি জানিব পৰা গৈছে ৷ কিন্তু এই সংস্থাই তিনিচুকীয়া জিলাত এতিয়াও কাম আৰম্ভ কৰা নাই বুলি জানিব পৰা গৈছে ৷