কাৰ্বি আংলং জিলাৰ জলসিঞ্চন বিভাগৰ বৃহত কেলেঙ্কাৰী ফাদিল

ৰাজ্যত মাৰাত্মক কৰ'নাৰ ভয়াবহ সংক্ৰমণৰ মাজতে পোহৰলৈ আহিছে কাৰ্বি আংলং জিলাৰ জলসিঞ্চন বিভাগৰ প্ৰায় ৩৫ লাখ টকা আত্মসাতৰ এক ভয়াবহ তথ্য । কাৰ্বি আংলং জিলাৰ  হাওৰাঘাট বিধান সভা সমষ্টিৰ অন্তৰ্গত  " হৰিণা জলসিঞ্চন আচনি " খন পুনৰ কাৰ্যক্ষম কৰাৰ বাবে ২০১৭-১৮ বিত্তীয় বৰ্ষতেই আবন্তন দিয়া হৈছিল ৩৫ লাখ টকা । কিন্তু আঁচনিখন কাৰ্যক্ষম কৰাতো দূৰৰে কথা একো কাম নকৰাকৈ সমুদায় ধন আত্মসাত কৰে বিভাগটোৰ কাৰ্যবাহী অভিযন্তা চেমছনছিঙ তেৰাঙে ।এই অভিযোগ কাৰ্বি আংলং জিলাৰ ইণ্ডিজিনাছ ট্ৰাইবছ্ প্ৰটেক্ছন অব কাৰ্বি আংলং চমুকৈ  আই টি পি কে এ নামৰ জিলা খনৰ আগশাৰীৰ এটা সংগঠনৰ । এই আচঁনি খনৰ জৰিয়তে প্ৰায় ১২ খন ৰাজহ গাঁৱৰ দৰিদ্ৰ কৃষক সকল উপকৃত হলহেঁতেন বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে আই টি পি কে এৰ বিষয়ববীয়া সকলে । এনে  বৃহত  দূৰ্নীতিৰ বিৰুদ্ধে উচিত পদক্ষেপ লবলৈ দাবী জনাইছে  আই টি পি কে এৰ বিষয়ববীয়া সকলে ।