নকৈ নোৱাৰিলোঁ- (অসমীয়া ল'ৰাবোৰ ধোদ? ধোদনে ধোদ বনোৱা হৈছে)

নকৈ নোৱাৰিলোঁ- (অসমীয়া ল'ৰাবোৰ ধোদ? ধোদনে ধোদ বনোৱা হৈছে)
Image Courtesy : filmytoday

Article Author : Mantu Baruah

বিশেষকৈ মই নিজে গাঁৱৰ পৰা আহিছোঁ। জলপানৰ টিফিনটো  দাঙিব পৰা হোৱাৰে পৰা পথাৰৰ সৈতে আমাৰ  সম্পৰ্ক। দেতাই শিকাই দিয়া মতে এদিন  নাঙলৰ কুটিত ধৰিছোঁ। গৰুৰে হাল বাই, বিঘা বিঘা মাটি সমাবালোঁ। কলেজ পঢ়িলোঁ। ঘৰৰ কাম কৰিলোঁ। বাঁহৰ কাম বিশেষ নাজানিলেও জেওৰাখন দিব পাৰোঁ, গাধৈ ছটা চাঁচিব, কাটিব, খুঁটাটোৰ কাণখন, গাঁতটো খান্দিব জানোঁ। হাল বাব জানো, তুলিব জানোঁ, ৰুব জানোঁ, দাব জানোঁ।  গোহালিৰ গোৱৰ কেইচপৰা পেলোৱা, চোতালখন সৰা, ঘৰটো সৰা-মোচাটো বৰ বাবে বৰ টান কথা নহয়। এইবোৰ মোৰ কাৰণে কাৰোবাৰ ওচৰত পুতৌ পাত্ৰ হোৱাৰ আহিলা নহয়। এইবোৰ মোৰ বাবে গৌৰৱৰ বিষয়।


                  বৰ্তমান কি হৈছে। ল'ৰাই বছৰি বছৰি পাছ কৰি গৈ আছে কিন্তু নিবনুৱা সংখ্যাটো বৃদ্ধিৰ বাদে সমাজখনে বিশেষ একো পোৱা নাই। এই যে বছৰি বছৰি এসোপা নিবনুৱা উৎপাদন হৈ আহিছে ইয়াৰ মূলতে জগৰীয়া কি যুৱ সমাজ? ভুলতেও নহয়। শিশু অৱস্থাৰ পৰাই চাওক। সিঁহতক স্কুললৈ লৈ যোৱা হ'ল। মানুহটোতকৈ কিতাপৰ বেগটো গধূৰ। ভাল ভাল স্কুল বিচাৰি ল'ৰা-ছোৱালীক নামী-দামী স্কুলত পঢ়োৱা হ'ল। দেউতাকৰ উপাৰ্জনৰ সাময়িক হ'লেও  নিৰাপত্তাৰ প্ৰয়োজন হ'ল। ফলস্বৰূপে য'তে যেনেকৈ নহওক কিবা কৰি দুটকা ঘটিব লাগে। মাক সন্তানক লৈয়ে ব্যস্ত। এই স্কুল, এই টিউচন ইত্যাদি ইত্যাদি। সেই ল'ৰাটোয়ে খেতি দেখা নাই, মাটিত বাগৰিও পোৱা নাই, মাকক বাৰীত কিবা কুটা এগজ দুগজ কৰাও দেখা নাই। ফলস্বৰূপে তাৰ অজ্ঞাতেই তাৰ মনত চাহাবী ঢং গঢ়ি উঠিল। সময়ৰ লগে লগে আমাৰ শিক্ষাই যদিও সেই এলান্ধু আঁতৰাব পাৰিব লাগিছিল তথাপিও কিন্তু কেৱল নম্বৰৰ পিছত দৌৰিবলৈ শিকোৱা শিক্ষা ব্যৱস্থাই আমাৰ সেই এলান্ধু বেছিহে কৰিলে। খাটি খোৱা মানুহকেইটাক তয়া-হয়াকৈ মাতিবলৈ শিকালে, চুট টায়ে ভদ্ৰতা জুখিবলৈ শিকালে

                     জগৰীয়া কোন? জগৰীয়া আমাৰ পৰিৱেশ। আমাৰ পৰিৱেশটোৱে আমাক কৰ্মমুখী কৰি তোলা নাই। আমাৰ পৰিৱেশটোৱে আমাক সহজ ধনৰ পিছত দৌৰি, আনৰ মূৰত কঁঠাল ভাঙি কেৱল বিলাসীতা পূৰ্ণ এক অপূৰ্ণ সপোনৰ পিছত দৌৰিবলৈ শিকাইছে। য'ত আমি ক্লান্ত, হতাশ, বিধস্ত হৈ মানসিক ৰোগী হৈ পৰিছোঁ-জগৰীয়া আমাৰ অভিভাৱকবোৰ। যি ল'ৰাটো বা ছোৱালীজনীক চাকৰিমুখী কৰি তুলিলে। মাৰোৱাৰী গুডামবোৰেই ভাল, ঘৰত কাম কৰাতকৈ। জোতাযোৰ পিন্ধাই লেচডালো মাৰিবলৈ নিশিকালে জগৰীয়া আমাৰ শিক্ষা ব্যৱস্থা। কিতাপবোৰ, পাঠ্যক্ৰমবোৰ চকু ফুৰালেই সকলো স্পষ্ট হৈ পৰিব। ইংৰাজী শিকিবলৈ টকৌ গুটি ভঙা পাঠবোৰ নহ'লেও হয়। আমাৰ পাঠ্যক্ৰমবোৰ আজিও বাস্তৱ সন্মত নহ'ল। বৃত্তিমুখী শিক্ষাই এতিয়াও সমাদৰ লাভ কৰিবলৈ সক্ষম নহ'ল। সদায় পুৱা ন বজাত স্কুললৈ গৈ আৱেলি তিনি বজালৈ বিদ্যালয়ত নায়ায় নুপুৱাই লগাই, হামিয়াই-হিকতিয়াই বহি বহি আহি হোমৱৰ্ক, চেমিনাৰ, চেমিষ্টাৰ পৰীক্ষা, ইণ্টাৰনেল এছেছমেণ্ট কৰি কৰি জীৱনৰ ২২-২৩ বছৰ অতিক্ৰম কৰি কাম কৰি খোৱা মানসিকতা আৰু আহিব ক'ৰ পৰা। প্ৰমাণ ৰাজ্য চৰকাৰবোৰে পতা নিযুক্তিৰ পৰীক্ষাবোৰতে পাবা…

                সমাজখন আচলতে মোৰ নিচিনা মানুহৰ সন্মুখত যা-তা কথা নকয়। ক'বলৈ সাহস নকৰে। ক'লেও জোতা-চেণ্ডেল খুলি ল'ম। আঁতৰলৈ নগৈ গাঁৱতে ঘৰে ঘৰে হাজিৰা কৰা ল'ৰাটোক বেলেগে বাদেই মাক-বাপেকেও মেখেলা ধোৱা ল'ৰা জনম দিলোঁ বুলি অনুতাপ কৰে। সম্বন্ধীয়াবোৰ আছেই। জ্বলাই মাৰিবলৈ টুটকীয়া নাৰদীয়া বোৰৰ অভাৱ নাই। অমুকে পঢ়ি-শুনি অমুকহে কৰিলে বুলি দুখত হিয়া-ধুনা সকলৰ অভাৱ নাই। এনেবোৰ কথাতেই ইচ্ছাৰ বিৰুদ্ধেও বহুবোৰ অসমৰ বাহিৰলৈ যায়গৈ। বহুবোৰ নগৰমুখী হয়

              সমাধান বেলেগ একো নাই, আপুনি নিজেও একো কৰিব নালাগে কৰ্ম সংস্কৃতিৰ গুণ গান গোৱাৰ আগতে কৰ্মক সন্মান কৰক। আপোনাতকৈ বয়সত জেষ্ঠ্য ৰিক্সাচালক জনক সন্তানৰ সন্মুখতে তয়া-হয়া মৰাতকৈ স-সন্মানে মাতক, মুচীটোক জোতাযোৰ পিন্ধা অবস্থাতেই ব্ৰাছ কৰিবলৈ দিয়াতকৈ খুলি দিয়ক। আপোনা-আপুনি পৰিৱৰ্তন আহিব

             পৰিৱৰ্তন হ'বনে? পৰিৱৰ্তন আৱশ্যম্ভাৱী। পৰিৱৰ্তন আহিব। সলনি হ'ব। আনক পৰিৱৰ্তন কৰাৰ আগতে আপুনি মই পৰিৱৰ্তন হ'ব লাগিব। নিজে পৰিৱৰ্তন নোহোৱাকৈ আনক পৰিৱৰ্তনৰ ভাষণ দি লাভ নাই। আপুনি মই সলনি হ'লেই তেওঁ সলনি হ'ব। আনক দোষাৰোপ কৰাতকৈ নিজক দোষাৰোপ কৰি আগবাঢ়িব লাগিব। বহুবোৰ সমস্যা আছে, তাৰ সমাধানৰ পথবোৰ বিচাৰি উলিয়ালেই আপোনা-আপুনি পৰিৱৰ্তন আহিব। যদি আপুনি সচেতন তেনে এই সমাধানৰ উপায় আপুনিও ভাৱক…