যৌন সম্পৰ্কৰ বিষয়ে থকা দোমোজা আৰু ভুল ধাৰণাবোৰ!
![যৌন সম্পৰ্কৰ বিষয়ে থকা দোমোজা আৰু ভুল ধাৰণাবোৰ!](https://cdn3.mycity4kids.com/images/article-images/web/headersV2/img-20171219-5a38b44b396aa.jpg)
আগতে সকলোধৰণৰ যৌনতা সম্পৰ্কীয় কথা বতৰাবোৰ এটা সাধাৰণ অৱধাৰণাৰে আৰম্ভ হৈছিল–কুমাৰীত্বৰ পৰ্যায়। এতিয়া যৌনতাৰ কুশল বাৰ্তা সম্পৰ্কীয় বিষয়বোৰ এটা সামগ্ৰিক আৰু বহল প্ৰেক্ষাপটৰ আওতাত। ইয়াক আখ্যা দিয়া হৈছে যে, যৌনতাৰ আৰম্ভনি বা “sexual debut”।
বিহাৰত জনসংখ্যা নিয়ন্ত্ৰণৰ এক জৰীপৰ মতে, ১৪.১শতাংশ অবিবাহিত কিশোৰ আৰু ৬.৩শতাংশ কিশোৰীয়ে বিবাহ পূৰ্বৰ যৌন সম্পৰ্কত লিপ্ত হৈছে।
ভাৰতত যৌনতাৰ বিষয়ে কথা পতাটো এতিয়াও সামগ্ৰিক প্ৰেক্ষাপটত এক নিষিদ্ধ বিষয়। যদিহে আপুনি প্ৰাপ্তবয়স্ক নহয় তেনেহ’লে এনে ধৰণৰ কথা আপোনাৰ কাৰণে নহয়! কিন্তু আমি কেতিয়াবা ধৰিব পাৰিছোনে যে, ১৮বছৰৰ তলৰ ব্যক্তিসকলেও যৌন ক্ৰিয়াত লিপ্ত হোৱা নাই বা এইবিষয়ত কোনো ধৰণৰ পোহৰ পোৱা নাই? যদি ভাবিছো তেনেহ’লে সেয়া ভুল ধাৰণা!
ভাৰতত যথেষ্ট সংখ্যক কম বয়সীয়া ল’ৰা–ছোৱালী চুম্বন আৰু জননাংগ স্পৰ্শৰ দৰে লিংগচালনাহীন যৌন অভিজ্ঞতাৰে পুষ্ট। ১৮বছৰ বয়স হোৱালৈ ৫০শতাংশ ছোৱালী যৌন সক্ৰিয় হৈ পৰে।
বয়সন্ধিঃকালত প্ৰায় সকলোৱে যৌন ক্ৰিয়া আৰু প্ৰজননৰ বিষয়ে অনভিজ্ঞ উৎসৰ পৰা জ্ঞান আহৰণ কৰে। সাধাৰণতে বন্ধু–বান্ধৱ বা ইণ্টাৰনেটৰ পৰা এনেধৰণৰ জ্ঞান বুটলে ল’ৰা–ছোৱালীয়ে। এনেকৈ আহৰণ কৰা বেছিভাগ তথ্য সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। এনে কিছু ভ্ৰান্ত ধাৰণা হৈছে, হস্তমৈথুন আৰু নিশা বীৰ্যপাতৰ ফলত মানুহ নপুংসক হয়, চুমা খালে গৰ্ভৱতী হয়, স্তন হ’লে তাত গাখীৰ থাকেই আদি।
“আমি একেলগে এখন ক্ৰীড়া একাডেমীত আছো। তাই মোতকৈ ২বছৰ ডাঙৰ। এক স্বাভাৱিক আকৰ্ষণ আমাৰ মাজত আছে, এনেকৈ কাষ চাপি আহি আমি এদিন নিজান ঠাইত চুমা খাও আৰু ইজনে সিজনক স্পৰ্শ কৰো। ইয়াৰ পিছতো এই কাম আমি কৰিছো। মোৰ বয়স সেই সময়ত ১৫।” –সুধীৰ, ২১, ক্ৰীড়াবিদ, ৰোহটাক
প্ৰকৃত যৌন সম্ভোগত লিপ্ত নোহোৱাকৈ কেৱল অংগ স্পৰ্শ কৰি আৰু চুম্বন কৰি পোৱা সুখ আন এক ধৰণৰ যৌন ক্ৰিয়া। সাধাৰণতে ভবাৰ দৰে ছোৱালীয়েও হস্তমৈথুন নকৰাকৈ নাথাকে। ল’ৰাৰ দৰে ছোৱালীয়েও হস্তমৈথুন কৰে আৰু প্ৰাকৃতিকভাৱে ক্ষতিহীন এক যৌন সুখ পোৱাৰ প্ৰক্ৰিয়া।
“মোৰ যেতিয়া ১২বছৰ হৈছিল তেতিয়া মই আৱিষ্কাৰ কৰো যে মোৰ যোনীত আঁঠুৰে ঘৰ্ষণ কৰিলে মই উত্তেজিত হওঁ আৰু মোৰ পেণ্টি তিতি যায়। মোৰ ভাল লাগিবলৈ ধৰে আৰু পিছত মই নিজা প্ৰবৃতিৰে সেই ঠাইত আঙুলী লগাই সুখ ল’বলৈ ধৰো। পৰৱৰ্তী সময়তহে মোক এগৰাকী সম্পৰ্কীয় ভগ্নীয়ে কয় যে, সেয়া হস্তমৈথুন আৰু ইয়াৰ অৰ্থ হৈছে মোৰ শৰীৰে এতিয়া যৌন সম্পৰ্ক বিচাৰিছে। ২০বছৰ বয়সত এজন ল’ৰাৰ সৈতে মোৰ শাৰীৰিক সম্পৰ্ক, মই এতিয়াও যথেষ্ট হস্তমৈথুন কৰো।” –দীপা, (নাম সলনি কৰা হৈছে),২২, নাৰ্ছিং ছাত্ৰী, জামছেদপুৰ।
এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ সৈতে লিপ্ত হোৱা আটাইতকৈ সুলভ যৌন ক্ৰিয়া হৈছে চুম্বন। মুখে মুখে চুম্বন কৰি কিছু যৌন উত্তেজনা লাভ কৰে দুয়োজনে। এয়া কেৱল পাশ্চাত্যৰ ধাৰণা নহয়। ‘কামসূত্ৰ’ গ্ৰন্থত চুম্বনৰ বিষয়ে বিশদ বৰ্ণনা আছে। বৰ্তমান যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলে টিভি আৰু চিনেমা চাই চুমা খাবলৈ লৈছে। ওঠে ওঠে চুমা খোৱাটো পশ্চিমীয়া দেশসমূহত তেনেই সাধাৰণ দৃশ্য আৰু পৰিয়াল বৰ্গৰ সন্মুখতে এই কাম সহজকৈ কৰা হয়।
আন এক যৌন ক্ৰিয়া হৈছে অৰেল ছেক্স, মুখেৰে জননাংগ স্পৰ্শ কৰি ইয়াত ইজনে আনজনক যৌন সুখ দিয়ে। ইয়াক বিভিন্ন সাংস্কৃতিক চিন্তাধাৰাত লেতেৰা আৰু পাপ আখ্যা দিয়া হৈছে! এই যৌন ক্ৰিয়াৰ ফলত গৰ্ভ হোৱাৰ সম্ভাৱনা নাথাকে যদিও কণ্ডম নোহোৱাকৈ এই কাৰ্যত লিপ্ত হ’লে যৌন সংক্ৰিমত ৰোগ হোৱাৰ আশংকা থাকে।
বহুতো কম বয়সীয়া ল’ৰা–ছোৱালীৰ মনত এই প্ৰশ্নই দোলা দি থাকে যে, কেতিয়া যৌন সম্পৰ্কত লিপ্ত হ’ব পাৰি। সাধাৰণতে যথেষ্টসংখ্যক ছোৱালীয়ে বিয়াৰ সময়লৈকে যৌন সম্ভোগত লিপ্ত নোহোৱাৰ পোষকতা কৰে যদিও পৰিৱৰ্তিত প্ৰেক্ষাপটত প্ৰকৃত জ্ঞান, সুৰক্ষিত যৌন সম্পৰ্ক আৰু দুয়োজন সংগীৰ মাজত বিশ্বাসযোগ্যতা আৰু বুজাবুজিৰ মাজেৰেহে এই ক্ৰিয়াত লিপ্ত হোৱাৰ পৰামৰ্শ দিয়া হয়। মনত দ্বিধা, সংকোচ আৰু ভয়–ভীতি লৈ যৌন সম্ভোগত লিপ্ত নোহোৱাই ভাল! প্ৰথমবাৰৰ অভিজ্ঞতা সুখকৰ আৰু স্মৰণীয় হওক!
(লেখিতা পূজা প্ৰিয়ম্বদা হৈছে যৌনতাৰ কুশল বাৰ্তা প্ৰদান কৰা অনলাইন প্লেটফ’ৰ্ম Redwombৰ নিয়মীয়া লেখিকা।)