যোৰহাটত প্ৰথমজন কোৰো'না আক্ৰান্ত ৰোগীৰ মৃত্যু
                        যোৰহাটত প্ৰথম জন কোৰোনা আক্ৰান্ত ৰোগী মৃত্যু হোৱাত যোৰহাটত চাঞ্চল্য সৃষ্টি হৈছে । লোক জনৰ নাম আশীষ চাহেৱালা(৩৫) । ঘৰ যোৰহাট নগৰৰ লাহটিত । উল্লেখ্য যে কোৰোনাত আক্ৰান্ত হৈ আজি যোৰহাট নগৰৰ মাজ মজিয়াত আশীষ চাহেৱালা নামৰ ৩৫ বছৰীয়া যুৱক জনৰ মৃত্যু হোৱাৰ ঘটনাই সমগ্ৰ যোৰহাটতে আতংকৰ সৃষ্টি কৰিছে। জানিব পৰা মতে আশীষ দুদিন মানৰ পূৰ্বৰ পৰা জ্বৰ ,কাহত আক্ৰান্ত হৈ আছিল । কালি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত তেওঁ নিজেই স্বাৱ পৰীক্ষা কৰোৱাইছিল । চিকিৎসকে ভৰ্তি হবলৈ পৰামৰ্শ দিছিল যদিও চিকিৎসালয়ত ভৰ্তি নহৈ ঘৰলৈ ঘূৰি আহিছিল । আজি পুৱা শ্বাস -প্ৰশ্বাস লোৱাত অসুবিধা হোৱাৰ লগতে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পুৱা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কভিড ৱাৰ্ডত ভৰ্তি কৰোৱাইছিল যুৱকজনক । আৰু দুপৰীয়া যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে যুৱকজনৰ। যুৱকজনৰ মৃত্যুৰ পিছতেই স্বাৱৰ ফলাফল পজিটিভ আহে। আনহাতে যোৰহাটৰ মাজ মজিয়াৰ বৰুৱানী বাটত "শ্ৰী দূৰ্গা ক্ল'থ ষ্ট'ৰ" নামৰ এখন বিপনীৰ স্বত্তাধিকাৰ আছিল চাহেৱালা। যুৱকজনৰ ঘৰ যোৰহাটৰ লাহতী পেট্রোল পাম্পৰ সমীপত। পিচত জিলা প্ৰশাসনৰ উদ্যোগত যোৰহাটৰ গড়মূৰ শ্মশানত শেষ কৃত সম্পন্ন কৰা হয় বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে। এই ঘটনাই এতিয়া তীব্র আতংকৰ সৃষ্টি কৰিছে যোৰহাটত। আনহাতে যোৰহাটৰ বিভিন্ন অঞ্চলত বিগত ১২ ঘণ্টাত ২৬, জন লোক কোৰোনাত আক্রান্ত হৈছে । নগৰৰ পুৰণা বালিবাটৰ শিৱ স্তৰৰ পাচ জন আৰু নগৰৰ ফাঁচি আলিৰ ৰঞ্জিত নামৰ এজন লোকৰ দেহত কভিড ১৯ পজেটিভ পোৱা গৈছে । সম্প্ৰতি লোক কেইজনৰ ঘৰ দুটা আৰু মৃত্যু হোৱা লোকজনৰ ব্যৱসায়ী প্ৰতিষ্ঠানখন ছিল কৰি দিছে।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
