বোকাখাতত দ্বিতীয় বাৰ্ষিক গুণীন্দ্ৰ নাথ ফুকন সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতা : চূড়ান্ত বিজয়ী বোকাখাত টাউন ক্লাব :

বোকাখাতত দ্বিতীয় বাৰ্ষিক গুণীন্দ্ৰ নাথ ফুকন সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতা : চূড়ান্ত বিজয়ী বোকাখাত টাউন  ক্লাব :
Aiidesh Photo
বোকাখাতত দ্বিতীয় বাৰ্ষিক গুণীন্দ্ৰ নাথ ফুকন সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতা : চূড়ান্ত বিজয়ী বোকাখাত টাউন  ক্লাব :

Aiidesh News  : 5 April - 2024 : 

বোকাখাত লিটল ষ্টাৰ ক্লাব আৰু কল্যাণপুৰ স্পৰ্চছ ক্লাবৰ উদ্যোগত বোকাখাত টাউন ক্লাব আৰু বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সহযোগত বোকাখাত ষ্টেডিয়ামত চলি থকা দ্বিতীয় বাৰ্ষিক গুণীন্দ্ৰ নাথ ফুকন সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতা যোৱা নিশা সমৰণী পৰে ৷ প্ৰতিযোগিতা যোৱা নিশা অনুষ্ঠিত দিবা নৈশ চূড়ান্ত খেলখনিত বিশ্বনাথ চাৰিআলিৰ নিৰ্বাণা ক্লাব আৰু বোকাখাত টাউন  ক্লাবৰ মাজত অনুষ্ঠিত হয় । বিহু আৰু ঝুমুৰ নৃত্যৰে আৰম্ভ কৰা উদ্বোধনী অনুষ্ঠানত বোকাখাতৰ কেইবাজনো বিশিষ্ট খেলুৱৈ আৰু সমাজ সেৱকক সম্বৰ্ধনা জনায় উদ্যোগতা সকলে । বিশিষ্ট অতিথি সকলক দুই দলৰ খেলুৱৈ সকলৰ লগত চিনাকী কৰায়ো দিয়া হয় ৷ জাতীয় সংগীতেৰে আৰম্ভণি কৰা চূড়ান্ত খেলত বোকাখাত টাউন ক্লাবে ৫ উইকেটত জয়লাভ কৰে । টচত জিকি প্ৰথমে বেট ধৰি নিৰ্বাণা ক্লাবে ২০ অভাৰত ৭ উইকেট হেৰুৱাই ১৪৫ ৰাণ সংগ্ৰহ কৰে । দলটোৰ হৈ সৰ্বাধিক ৩৯ (২৫ বল,২ টা চাৰি,৩টা ছয় ) ৰাণ কৰে যোগেশ ভূমিজে । বলিঙত টাউন ক্লাবৰ হৈ মন্টু কুমাৰ যাদৱে ২ টা উইকেট দখল কৰে । দ্বিতীয় ইনিংছত বোকাখাত টাউন ক্লাবে ১৯ অভাৰত ৫ টা উইকেট হেৰুৱাই প্ৰয়োজনীয় ৰান সংগ্ৰহ কৰে । দলটোৰ হৈ মন্টু কুমাৰ যাদৱে সৰ্বাধিক ৩৭(২০ বল,৩ টা ছয়,৩ টা চাৰি) ৰাণ কৰে । বলিঙত নিৰ্বাণা ক্লাবৰ হৈ ৰাহুল ৰজকে ২ টা উইকেট দখল কৰে । চূড়ান্ত খেলৰ মেন অৱ দ্য মেচ হিচাপে বিবেচিত হয় মন্টু কুমাৰ যাদৱ । 

চূড়ান্ত খেলৰ শেষত বঁটা বিতৰনী অনুষ্ঠানত প্ৰতিযোগিতাখনৰ মুখ্য উদ্যোক্তা তথা অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনে বিজয়ী আৰু বিজেতা দলক ট্ৰফী আৰু নগদ ধনৰ চেক প্ৰদান কৰে । বিজয়ী দলটোৱে ট্ৰফীসহ নগদ ১ লাখ টকা আৰু বিজেতা দলটোৱে ট্ৰফীসহ নগদ ৫০ হাজাৰ টকা লাভ কৰে । প্ৰতিযোগিতাখনিৰ শ্ৰেষ্ঠ খেলুৱৈ,শ্ৰেষ্ঠ বলাৰ,শ্ৰেষ্ঠ ফিল্ডাৰ, সন্মান লাভ কৰে দক্ষ দাস আৰু শ্ৰেষ্ঠ বেটছমেন সন্মান লাভ কৰা ৰিতেশ পালে । দুয়ো গৰাকী খেলুৱৈকো ট্ৰফীসহ নগদ ধন প্ৰদান কৰা হয় ।

********