নুমলীগড়ৰ বকিয়াল চাহ বাগিচাত বন্যহস্তীৰ মৃত্যু :

নুমলীগড়ৰ বকিয়াল চাহ বাগিচাত বন্যহস্তীৰ মৃত্যু :
Photo : Uttam Saikia

নুমলীগড়ৰ বকিয়াল চাহ বাগিচাত বন্যহস্তীৰ মৃত্যু : 


AIIDESH NEWS. 23 May :


নুমলীগড়ৰ বকিয়াল চাহ বাগিচাৰ ২৩ নং বাগানত যোৱা নিশা এজনী বনৰীয়া হাতীৰ মৃত্যু হয় ৷ অন্য হাতীৰ আক্ৰমনত  দুমাহৰ আগতে আঘাতপ্ৰাপ্ত হোৱা এই হাতীজনীক যোৱা ৩১ মাৰ্চত বিজুলী সংৰক্ষিত বনাঞ্চলৰ ভিতৰতে চেতনা নাশক প্ৰয়োগ কৰি চিকিৎসা প্ৰদান কৰা হৈছিল ৷ গোলাঘাট বন সংমণ্ডলৰ উদ্যোগত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক ডা৹ চামচুল আলীয়ে বিজুলী বনাঞ্চলত হাতীজনীৰ চিকিৎসা প্ৰদান কৰিছিল যদিও অন্য হাতীৰ আক্ৰমনত হাতীজনীৰ সোঁ ভৰিটো ভাঙি যোৱাৰ বাবে বনাঞ্চলত হাতীজনীৰ ভঙা হাঁড়ৰ চিকিৎসা আছিল অসম্ভৱ ৷ তথাপিও ডা৹ চামচুল আলীৰ চিকিৎসাৰ পাচত বিগত দুটা মাহে বনাঞ্চলতে বিচৰণ কৰি ফুৰিছিল আহত হাতীজনীয়ে ৷ বকিয়াল বন কাৰ্যালয় আৰু গোলাঘাট বন বিভাগে বিগত দুমাহে প্ৰতিপালন কৰিও ৰক্ষা কৰিব নোৱাৰিলে দুৰ্ভগীয়া হাতীজনীক । আজি কিছুদিনৰ পৰা বকিয়াল চাহ বাগিচাৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছিল এখন ভৰিত আঘাত প্ৰাপ্ত এই হাতীজনীক । অৱশেষত যোৱা নিশা মৃত্যুৰ হাতত হাৰ মানিলে হাতীজনীয়ে ৷ সোঁ ভৰিটোৰ হাড় ভাঙি হোৱা আঘাতৰ বাবে চেপ্তিচেমিয়া হৈ হাতীজনীৰ মৃত্যু হোৱা বুলি মৰোনোত্তৰ পৰীক্ষাত প্ৰকাশ ৷