কামপুৰত ৰেলৰ খুন্দাত ভুমিষ্ঠ হোৱাৰ আগতেই মাতৃৰ গৰ্ভতে দুৰ্ঘটনাত পতিত হোৱা হাতীৰ পোৱালীৰ মৃত্যু :

Aiidesh News : 22 December - 2025 :

কামপুৰ যমুনামূখ ৰেল ষ্টেচনৰ মাজৰ চাংজুলাইত ৰাজধানী এক্সপ্ৰেছ ৰেলৰ খুন্দাত সাতটা  হাতীৰ মৃত্যু হোৱাৰ লগতে এটি  হাতী পোৱালীও আহত হৈছিল । মাকৰ গৰ্ভতে দুৰ্ঘটনাৰ বাবে ৰেলৰ খুন্দাত ভুমিস্থ হোৱা এই দুৰ্ভগীয়া হাতী পোৱালীটোক সংকটজনক অৱস্থাত বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰানী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ অনা হৈছিল । কেন্দ্ৰ পশুচিকিৎসকৰ মতে ৰেলৰ খুন্দাত মাক আহত হোৱাৰ পিচতেই গৰ্ভৰ পৰা ওলাই আহি ভুমিস্থ হৈছিল এই পোৱালীটো । ভুমিষ্ঠ হোৱাৰ পিচত সদ্যজাত পোৱালীয়ে কৰা প্ৰথম বিস্তা এই আহত পোৱালীটোয়ে বৰজুৰিৰ এই কেন্দ্ৰতহে কৰিছিল বুলি কেন্দ্ৰটোৰ পশু চিকিৎসক ডা০ ভাস্কৰ চৌধুৰীয়ে অৱগত কৰে । বৰজুৰিৰ  বন্যপ্ৰানী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰতে চিকিৎসাধীন অৱস্থাত ২১ ডিচেম্বৰৰ পুৱা প্ৰায় ১০-৪০ বজাত এই দুৰ্ভগীয়া হাতী পোৱালিটোৰ মৃত্যু হয় । কেন্দ্ৰটোৰ জেষ্ঠ পশু চিকিৎসক আৰু পশু পৰিচাৰক সকলে হাতী পোৱালীটো প্ৰাণ ৰক্ষাৰ বাবে অপ্ৰান চেষ্টা কৰিছিল যদিও  হাতী পোৱালীটো প্ৰাণৰক্ষা কৰিব নোৱাৰিলে । পৃথিবীত ভুমিষ্ঠ হোৱাৰ আগতেই দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোৱালী লোৱা এই হাতী পোৱালীটোক মৰনোত্তৰ পৰীক্ষাৰ পিচত  পুষ্পাঞ্জলি প্ৰদান কৰি অন্তিম সৎকাৰ কৰা হয় ।

************