বোকাখাতৰ নাহৰজান চাহ বাগিচাত স্বামীয়ে পেট্ৰল ঢালি জ্বলাই দিয়ে নিজৰেই পত্নীক :

বোকাখাতৰ নাহৰজান চাহ বাগিচাত স্বামীয়ে পেট্ৰল ঢালি জ্বলাই দিয়ে নিজৰেই পত্নীক  :

বোকাখাতৰ নাহৰজান চাহ বাগিচাত স্বামীয়ে পেট্ৰল ঢালি জ্বলাই দিয়ে নিজৰেই পত্নীক  :

Aiidesh News  : 26th October  :

বোকাখাতৰ নাহৰজান চাহ বাগিচাত আজি পুৱাতেই সংঘৰ্টিত হয় এক ভয়ংকৰ ঘটনা ৷ বাগিচাখনৰ  ৩ নম্বৰ লাইনত পাৰিবাৰিক কন্দলৰ পটভুমিত এজন শ্ৰমিকে পেট্ৰল ঢালি অগ্নিসংগোগ কৰে নিজৰ পত্নীক ।  মেঘাৰাম নায়ক নামৰ শ্ৰমিক জনে কামলৈ বুলি ওলাই অহা পত্নী মধু নায়কক পথৰ ওপৰতে পেট্ৰল ঢালি অগ্নি সংযোগ কৰে । অগ্নি সংযোগৰ ফলত পত্নী মধু নায়কৰ শৰীৰৰ ৬০ শতাংশ অগ্নি দগ্ধ হয় । ঘটনাৰ পিচতেই মধু নায়কক বোকাখাত ছহীদ কমলা মিৰি আসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ বোকাখাতত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি অগ্নি দগ্ধ মধু নায়কক  যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় । 

জানিব পৰা মতে পাৰিবাৰিক কন্দলৰ বাবেই স্বামী ঘৰ এৰি দুদিন ধৰি পিতৃ গৃহত আছিল মধু নায়ক ৷ মধু নায়ক মেঘাৰামৰ দ্বিতীয় পত্নী ৷ ঘটনাৰ পিচতেই মেঘাৰাম নায়কক উত্তম মাধ্যম দিয়ে স্থানীয় লোকে । স্থানীয় লোকৰ হাতত প্ৰহিত হৈ গুৰুতৰ ভাৱে আঘাত হোৱা মেঘা নায়কক পিচক বোকাখাত আৰক্ষীয়ে আটক কৰি বোকাখাত ছহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত  ভৰ্তি কৰোৱা হয় ।

*********