বোকাখাতত পঞ্জাৱ নেচনেল বেংক গ্ৰাম্য আত্ম সংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সমাৱৰ্তন সমাৰোহ :

বোকাখাতত পঞ্জাৱ নেচনেল বেংক গ্ৰাম্য আত্ম সংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সমাৱৰ্তন সমাৰোহ  :
Aiidesh Photo

বোকাখাতত পঞ্জাৱ নেচনেল বেংক গ্ৰাম্য আত্ম সংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সমাৱৰ্তন সমাৰোহ  : 

Aiidesh News  : 21st October  :

বোকাখাতত থকা গোলাঘাট পশ্চম উন্নয়ন খণ্ডৰ চৌহদত অৱস্থিত পঞ্জাৱ নেচনেল বেংকৰ গ্ৰাম্য আত্ম সংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠান কেন্দ্রত বিগত সময়ত আয়েজিত প্ৰশিক্ষন কাৰ্যসুচীৰ ২০ অক্টোবৰত এক বিশেষ সমাৱৰ্ত সমাৰোহ অনুষ্ঠিত হয় ৷ অনুষ্ঠানত প্ৰশিক্ষণ সম্পুৰ্ণ কৰা প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণ পত্র প্ৰদান কৰা হয় ৷ প্ৰতিষ্ঠানটোৰ সঞ্চালক চিন্ময়জোতি গোঁহাইয়ে আদৰণি ভাষনেৰে আৰম্ভ হোৱা  অনুষ্ঠানত মুঠ ৮২ গৰাকী প্ৰশিক্ষাৰ্থীক মান পত্ৰ প্ৰদান কৰে ৷ এই প্ৰশিক্ষাৰ্থী সকলক বিগত সময়ক পশুমিত্ৰ, কাগজৰ মোনা তৈয়াৰ, ঔষধি গছ সম্পর্কে দুমহীয়া আৰু দহদিনীয়া প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল । 

এই সমাৱৰ্তন অনুষ্ঠানত গোলাঘাট জিলা গ্ৰামোন্নয়ন প্ৰাধিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, গোলাঘাট জিলা লিড বেংক মেনেজাৰ ডি, কে পাণ্ডে, পশ্চিম গোলাঘাট খণ্ডৰ উন্নয়ন বিষয়া পাৰ্থজিত গগৈ, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভবানন্দ কলিতা, জে ডি এছ জি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ বাবুলাল মোৰ আদি উপস্থিত থাকে । প্ৰশিক্ষণ সমাপ্ত কৰা প্ৰশিক্ষাৰ্থী সকলক বিত্তীয় সাহায্য দিয়া হ'ব অনুষ্ঠানত ভাষণ মন্তব্য কৰে লিড বেংকৰ পৰিচালক ডি, কে পাণ্ডে ।  লগতে প্ৰয়োজন হলে এই প্ৰশিক্ষাৰ্থী সকলক অধিক প্ৰশিক্ষণ দিয়া হ'ব বুলিও তেওঁ মন্তব্য কৰে ৷ অনুষ্ঠানত উপস্থিত সকলো প্ৰশিক্ষাৰ্থীক চৰকাৰী আঁচনিৰ  সুবিধা ল'বলৈও তেওঁ লগতে আহ্বান জনায় । 

*******