কাজিৰঙাৰ পানবাৰী এনিমেল কৰিডৰত জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ আৱৰ্জনা পৰিস্কাৰ অভিযান ⦂

Aiidesh News ⦂ 20 March - 2025 ⦂

চৌপাশে জনবসতি আৰু ব্ৰহ্মপুত্ৰৰ জলৰাশিৰে অৱৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীয়ে বিচৰণ আৰু আহ যাহ কৰিবৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ দক্ষিণ সীমাত আছে কেতবোৰ বন্যপ্ৰাণীৰ বুলনি বা এনিমেল কৰিডৰ ৷ এই বুলনি বোৰৰ অন্যতম হ'ল পানবাৰীৰ বন্যপ্ৰাণীৰ বুলনি বা কৰিডৰ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃতীয় সংযোজনৰ সৈতে পানবাৰী সংৰক্ষিত বনাঞ্চলক ই সংযোজিত কৰিছে ৷ বাৰিষাৰ প্লাৱনৰ উপৰিও বছৰৰ বহু সময়ত কাজিৰঙাৰ বন্যপ্ৰাণীয়ে এই বুলনিৰেই পানবাৰীৰ বনাঞ্চললৈ যাত্ৰা কৰে ৷ কিন্তু এই পানবাৰী বুলনিৰ মাজেৰেই পাৰহৈ গৈছে সদা ব্যস্ত ৩৭ বা ৭১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ ৷ এই পথেৰে যাতায়ত কৰা যান বাহনৰ বাবে বুলনি অতিক্ৰম কৰাৰ সময়ত বিপদাগ্ৰস্ত হয় কাজিৰঙাৰ বন্যপ্ৰাণী ৷ অকল এইয়াই নহয় এই যান বাহনেৰে যাত্ৰা কৰা যাত্ৰী আৰু মালবাহী বাহনে পেলায় যোৱা আৱৰ্জনাৰ বাবেও বিপদত পৰে কাজিৰঙাৰ বন্যপ্ৰাণীবোৰ ৷ সচৰাচৰ বানপানীত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা প্লাবিত কৰাৰ সময়ত বুলনিবোৰেদি বন্যপ্ৰাণীৰ সামুহিক প্ৰৱজন আৰম্ভ হয় ৷ বুলনিবোৰত বন্যপ্ৰাণীৰ বিচৰণ নিৰাপদ কৰাৰ বাবেই কাষৰীয় অঞ্চলৰ মহাবিদ্যালয়ৰ স্বেচ্ছাসেৱী ছাত্ৰ ছাত্ৰী সকলে এই বুলনি বোৰত আৱৰ্জনা পৰিস্কাৰৰ অভিযান চলায় আহিছে ৷ 

বিগত বৰ্ষবোৰৰ দৰে আজিও বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সামাজিক আঁচনিৰ স্বেচ্ছাসেৱী ছাত্ৰ ছাত্ৰীৰ এটা দলে অধ্যাপক প্ৰশান্ত শইকীয়াৰ নেতৃত্বত পানবাৰীৰ বন্যপ্ৰাণীৰ বুলনিত আৱৰ্জনা পৰিস্কাৰৰ কাৰ্যসুচী হাতত লয় ৷ ছাত্ৰ ছাত্ৰীৰ এই আৱৰ্জনা পৰিস্কাৰ কাৰ্যসুচীত উপস্থিত হৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড৹ সোনালী ঘোষ আৰু বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱালে ছাত্ৰ ছাত্ৰী সকলক কাজিৰঙাৰ পানবাৰী বুলনি পৰিস্কাৰ কৰি বন্যপ্ৰাণীৰ বিচৰণত সুৰক্ষা  প্ৰদান কৰা মহান কাৰ্যৰ বাবে ধন্যবাদ জনায় পৰিৱেশ সংৰক্ষণৰ বাবে উৎসাহ যোগায় ৷ আৱৰ্জনা পৰিস্কাৰ  এই কাৰ্যসুচীত ১৫ গৰাকী ছাত্ৰ ছাত্ৰীয়ে যান বাহনৰ পৰা যাত্ৰীয়ে পেলায় যোৱা প্ৰায় ১৫০ কিলোগ্ৰামৰো অধিক আৱৰ্জনা সংগ্ৰহ কৰি বোকাখাতৰ পৌৰসভাৰ লতাবাৰীত থকা আৱৰ্জনা নিষ্কাষণ কেন্দ্ৰত জমা দিয়ে ৷

**********