বোকাখাতৰ পাপৰি শইকীয়া গাংগুলীৰ হত্যাকাণ্ডৰ অভিযুক্ত মানস গাংগুলীৰ আত্মসমৰ্পন :

বোকাখাতৰ পাপৰি শইকীয়া গাংগুলীৰ হত্যাকাণ্ডৰ অভিযুক্ত মানস গাংগুলীৰ আত্মসমৰ্পন  :
Aiidesh Photo
বোকাখাতৰ পাপৰি শইকীয়া গাংগুলীৰ হত্যাকাণ্ডৰ অভিযুক্ত মানস গাংগুলীৰ আত্মসমৰ্পন  :

বোকাখাতৰ পাপৰি শইকীয়া গাংগুলীৰ হত্যাকাণ্ডৰ অভিযুক্ত মানস গাংগুলীৰ আত্মসমৰ্পন  : 

Aiidesh News  : 10th September  :

বোকাখাত মহকুমাৰ কুৰুৱাবাহীত বৃহস্পতিবাৰৰ  নিশা সংঘৰ্টিত পাপৰি শইকীয়া গাংগুলীৰ হত্যাৰ মুল অভিযুক্ত আৰু পাপৰি শইকীয়া গাংগুলীৰ পলাতক স্বামী মানস গাংগুলীয়ে যোৱা নিশা বোকাখাত থানাত অত্মসমৰ্পন কৰে । পাৰিবাৰিক কন্দলৰ বাবেই বৃহস্পতিবাৰৰ নিশা পত্নী পাপৰি শইকীয়া গাংগুলীক নিজ গৃহতে পৰিকল্পিত ভাৱে স্বামী মানস গাংগুলীয়ে হত্যা কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে  ।  

আত্মসমৰ্পন কৰিলেও আৰক্ষীৰ আগত এতিয়াও পত্নী হত্যাৰ কথা স্বীকাৰ কৰা নাই মানস গাংগুলীয়ে ৷ অৱশ্যে আৰক্ষীয়ে কৰা প্ৰাথমিক তদন্তত পাপৰি শইকীয়া গাংগুলীৰ মৃত্যু এক পৰিকল্পিত হত্যা কাণ্ড বুলিয়েই প্ৰমানিত হৈছে ৷ ঘটনাৰ নিশা দুই সন্তানৰ দম্পতি পাপৰি আৰু মানস গাংগুলী নিজা বাসগৃহত অকলে আছিল ৷ প্ৰথম কন্যা সন্তান গোলাঘাট চিনাতলী নৱোদয় বিদ্যালয়ৰ আৱাসিক ছাত্ৰী হোৱাৰ বিপৰীতে ঘটনাৰ দিনা বিয়লি পুত্ৰ সন্তানকো সমীপৰ খুড়াকৰ ঘৰত থৈ আহিছিল মানস গাংগুলীয়ে ৷ নিশা পাপৰিৰ হত্যৰ পিচতেই নিজ বাসগৃহৰ পৰা স্কুটিলৈ পলায়ন কৰিছিল মানস গাংগুলীয়ে ৷ পিচৰ দিনা নিজৰ ঘৰলৈ ওভতি অহা পুত্ৰই উংলগ অৱস্থাত পৰি ৰোৱা মাকৰ মৃতদেহ প্ৰত্যক্ষ কৰিছিল ৷ কোঠাৰ বহু আচবাব পত্ৰ সিঁচৰিত হৈ পৰি থকা প্ৰত্যক্ষ কৰিছিল বোকাখাত আৰক্ষীয়ে ৷

মৰঙীৰ সংহত শিশু উন্নয় প্ৰকল্পৰ কৰ্মচাৰী পাপৰি শইকীয়া গাংগুলীৰ হত্যাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বোকাখাতত ৷ যোৱা নিশা বোকাখাতৰ আৰক্ষীৰ ওচৰত মানস গাংগুলীয়ে আত্মসমৰ্পন কৰাৰ পিচত আজি পুৱা স্থানীয় মহিলা সংগঠনৰ বহু মহিলাই বোকাখাত আৰক্ষী থানাত প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদী মহিলা সকলে পত্নীৰ হত্যাকাৰী  মানস গাংগুলীক কঠোৰতম শাস্তিৰ দিয়াৰ দাবী তোলে । আত্ম সমৰ্পন পিচতেই মানস গাংগুলীক গ্ৰেপ্তাৰ কৰি আজি স্থানীয় আদালতত হাজিৰ কৰাই অধিক তথ্যৰ বাবে নিজৰ জিম্মাত লয় বোকাখাত আৰক্ষীয়ে ৷ 

********