দিল্লীত কৰোণাৰ কেন্দ্ৰ হৈ পৰিল এখন কেনছাৰ চিকিৎসালয়
                            দিল্লীত কৰ'নাৰ হটস্পট লৈ পৰিণত হৈছে এখন কেনছাৰ চিকিৎসালয়। এতিয়ালৈকে এই চিকিৎসালয়খনৰ ২৮ জন লোকৰ দেহত কৰ'না ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। সকলোতকৈ ডাঙৰ কথা যে, আক্ৰান্ত সকলৰ ভিতৰত আছে চাৰিজনকৈ কেন্সাৰ ৰোগীও। সম্প্ৰতি দিল্লী চৰকাৰে কেনছাৰ চিকিৎসালয় খন বন্ধ কৰি তাত থকা ৰোগী সকলৰ লগতে সকলো চিকিৎসক আৰু চিকিৎসা কৰ্মীকে সুকীয়া কৈ ৰখাৰ ব্যৱস্থা কৰিছে।
জানিব পৰা মতে, দিল্লী চৰকাৰৰ অধীনৰ এই চিকিৎসালয়খনৰ এজন চিকিৎসক প্ৰথমে কৰ'না ভাইৰাছত আক্ৰান্ত হৈছিল। ইয়াৰ পাছতেই চিকিৎসালয়খনত কৰ'নাৰ সংক্ৰমণ ঘটে। উল্লেখযোগ্য যে, দিল্লী চৰকাৰে কৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজধানী চহৰখনৰ ৩৫ টা অঞ্চল হটস্পট এলেকা হিচাপে চিনাক্ত কৰি উক্ত অঞ্চল সমূহ ছীল কৰাৰ ব্যৱস্থা কৰিছে। কিন্তু ইয়াৰ পাছতো দিল্লীত কৰ'না ভাইৰাছৰ দ্ৰুত সংক্ৰমণ হ্ৰাস পোৱা নাই।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
