এল আই চিৰ পদক্ষেপ--কৰোণাৰ বিৰুদ্ধে

এল আই চিৰ  পদক্ষেপ--কৰোণাৰ বিৰুদ্ধে
এল আই চিৰ পদক্ষেপ--কৰোণাৰ বিৰুদ্ধে

কৰ’না ভাইৰাছৰ ফলত উদ্ভৱ হোৱা কভিড-১৯ মহামাৰীৰ পৰিপ্রেক্ষিতত জনসাধাৰণে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে৷ এই পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ ভাৰতীয় জীৱন বীমা নিগমে ইয়াৰ পলিচিহল্ডাৰসকলৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছে৷

প্রিমিয়াম পৰিশোধৰ ক্ষেত্রত পলিচিহল্ডাৰসকলে সন্মুখীন হোৱা বিভিন্ন অসুবিধা দূৰ কৰিবলৈ এল আই চিয়ে ২০২০ চনৰ মার্চ আৰু এপ্রিল মাহত প্রিমিয়াম পৰিশোধৰ নির্দিষ্ট দিন হৈ থকা সকলো পলিচিৰ পলিচিহল্ডাৰসকলৰ প্রিমিয়াম পৰিশোধৰ ম্যাদ এমাহৰ বাবে সম্প্রসাৰণ কৰি দিছে৷

আনহাতে ফেব্রুৱাৰী মাহত প্রিমিয়াম দিবলগীয়াসকলৰ ‘গ্রেচ পিৰিয়ড’ৰ ম্যাদ ২২ মার্চৰ পাছত উকলি গৈছে যদিও এই ৰেহাই ১৫ এপ্রিল পর্যন্ত কৰি দিয়া হৈছে৷ তদুপৰি কোনো ধৰণৰ ‘ভাল স্বাস্থ্য’ৰ প্রমাণ নিদিয়াকৈ অনলাইনৰ জৰিয়তে পলিচিসমূহ পুনৰ আৰম্ভ কৰিব পাৰিব৷ আনহাতে, কোনো ধৰণৰ ছার্ভিছ চার্জ আদায় নিদিয়াকৈ এল আই চিৰ যিকোনো ডিজিটেল পেমেণ্ট সুবিধাৰ জৰিয়তে পলিচিহল্ডৰসকলে প্রিমিয়াম পৰিশোধ কৰিব পাৰিব৷

এল আই চি পে ডাইৰেক্ট ম’বাইল এপ ডাউনল’ড কৰি প্রিমিয়ামসমূহ পৰিশোধ কৰিব পাৰিব৷ এল আই চিয়ে নে’ট বেংকিং, ডেবিট কার্ড, ক্রেডিট কার্ড আৰু যিকোনো পেমেণ্ট এপৰ জৰিয়তে প্রিমিয়াম পৰিশোধ কৰাৰ সুবিধা প্রদান কৰিছে৷ তদুপৰি সকলো আই ডি বি আই আৰু এক্সিছ বেংকৰ শাখাত প্রিমিয়াম পৰিশোধ কৰাৰ লগতে ব্লক স্তৰত কমন ছার্ভিচ চেণ্টাৰসমূহতো নগদ আকাৰত ধন প্রিমিয়াম হিচাপে পলিচিহল্ডৰসকলে আদায় দিব পাৰিব৷

আনহাতে কভিড-১৯ত মৃত্যু হোৱাৰ ক্ষেত্রত উদ্ভৱ হ’ব পৰা ‘ডেথ ক্লেইম’-ক অন্য মৃত্যুৰ ক্ষেত্রত হোৱা ‘ডেথ ক্লেইম’ৰ দৰে সমান হিচাপে গণ্য কৰিবলৈ এল আই চিয়ে সুনিশ্চিত কৰিছে৷ ইতিমধ্যে কৰ’না ভাইৰাছে বহুতক মৃত্যুমুখত পেলাইছে আৰু চৰকাৰী তালিকাৰ ভিত্তিত ১৯জন কভিড-১৯-ত মৃত্যুমুখত পৰা লোকক এল আই চিয়ে চিনাক্ত কৰিছে আৰু তেওঁলোকৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়াইছে৷ ইতিমধ্যে এনেধৰণৰ ১৬টা ‘ডেথ ক্লেইম’ নিষ্পত্তি কৰা হৈছে বুলি এল আই চিৰ সূত্রই জনাইছে৷