পথ দুৰ্ঘটনাত কৰ্তব্যৰত অৱস্থাতে নিহত বন সুৰক্ষা গোটৰ জোৱান ৰূপজ্যোতি বৰাৰ পৰিয়াললৈ বিশ্ব প্ৰকৃতি নিধিৰ অৰ্থ সাহাৰ্য :

পথ দুৰ্ঘটনাত কৰ্তব্যৰত অৱস্থাতে নিহত বন সুৰক্ষা গোটৰ জোৱান ৰূপজ্যোতি বৰাৰ পৰিয়াললৈ বিশ্ব প্ৰকৃতি নিধিৰ অৰ্থ সাহাৰ্য  :
Aiidesh Photo

পথ দুৰ্ঘটনাত কৰ্তব্যৰত অৱস্থাতে নিহত বন সুৰক্ষা গোটৰ জোৱান ৰূপজ্যোতি বৰাৰ পৰিয়াললৈ বিশ্ব প্ৰকৃতি নিধিৰ অৰ্থ সাহাৰ্য  :

Aiidesh News  :  9th December :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত যোৱাটো বৰ্ষৰ ২০ অক্টোবৰত এক পথ দুৰ্ঘটনাত নিহত হোৱা বন সুৰক্ষা গোটৰ জোৱান প্ৰয়াত ৰূপজ্যোতি বৰাৰ পৰিয়াললৈ আজি এককালীন অৰ্থ সাহাৰ্য প্ৰদান কৰে আগশাৰীৰ প্ৰকৃতি সংগঠন বিশ্ব প্ৰকৃতি নিধিয়ে ৷ আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বোকাখাতত থকা সঞ্চালকৰ কাৰ্যালয়ত সঞ্চালক যতীন্দ্ৰ শৰ্মাই  বিশ্ব প্ৰকৃতি নিধিৰ হৈ প্ৰয়াত ৰূপজ্যোতি বৰাৰ পৰিবাৰ নিলাক্ষী শইকীয়াৰ হাতত ৩ লাখ টকাৰ এককালীন সাহাৰ্যৰ ডিমাণ্ড ড্ৰাফট প্ৰদান কৰে ৷ 

উল্লেখ্য যে ২০২১ বৰ্ষৰ ২০ অক্টোবৰত কলুয়াবৰ মহকুমাৰ আমগুৰিৰ গঞ্জু বস্তিৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় পথত সংঘৰ্টিত এক পথ দুৰ্ঘটনাত অসম বন সুৰক্ষা বলৰ জোৱান ৰূপজ্যোতি বৰা আৰু সহকৰ্মী মধু চন্দ্ৰ ডেকা ঘটনাস্থলীতেই নিহত হৈছিল ৷ প্ৰয়াত ৰূপজ্যোতি বৰাৰ ঘৰ আছিল নগাওঁ জিলাৰ পুৰণিগুদামৰ মিকিৰহাটত আৰু  প্ৰয়াত মধু চন্দ্ৰ ডেকাৰ ঘৰ আছিল ওডালগুৰিৰ খগৰাবাৰীত ৷ ৰূপজ্যোতি বৰা পৰিয়ালক এককালীন সাহাৰ্য প্ৰদানৰ পিচত অচিৰেই প্ৰয়াত মধু চন্দ্ৰ ডেকাৰ পৰিয়াললৈও এককালীন অৰ্থ সাহাৰ্য প্ৰদান কৰা হ'ব বুলি জনায় বিশ্ব প্ৰকৃতি নিধিয়ে ৷

******