মুখ্যমন্ত্ৰীৰ গৃহৰ নিচেই নদীৰ ভয়ঙ্কৰ গৰাখহনীয়া

মুখ্যমন্ত্ৰীৰ গৃহৰ নিচেই নদীৰ ভয়ঙ্কৰ গৰাখহনীয়া

 

ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নদীত অব্যাহত থকা ভয়ঙ্কৰ গৰাখহনীয়াত মুখ্যমন্ত্ৰীৰ জন্মস্থান বিন্ধাকটা গাঁও পঞ্চায়ত বাসী এতিয়া অসহায়। নিমিষতে চাবুৱাৰ সমষ্টিৰ অন্তৰ্গত বিন্ধাকটা গাঁও পঞ্চায়তৰ টেঙাবাৰী, মিৰিগাঁও, গেৰেকী, নেপালী গাঁৱৰ ৬০টা পৰিয়ালৰ সা সম্পত্তি, ঘৰ বাৰী ডিব্ৰু আৰু ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ গল। গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা চাবুৱা সমষ্টি মিৰি গাঁও,  গেৰেকী, টেঙাবাৰী, নেপালী গাঁৱৰ পৰিয়াল সমূহে এতিয়া নিৰাপদ স্থানত আশ্ৰয় স্থান বিচাৰি হাহাকাৰ ময় পৰিস্থিতি উদ্ভৱ হৈছে। শীঘ্ৰে চাবুৱাৰ বিন্ধাকটা পঞ্চায়তত অব্যাহত থকা ভয়ঙ্কৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে কম সময়ৰ ভিতৰতে বহু গাঁও অঞ্চল ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নদীৰ গ্ৰাসত পৰা সম্ভাৱনা প্ৰকট হৈ উঠিছে৷