অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ নৱ নিৰ্বাচিত সভাপতি জিতু শৰ্মা ৰাজখোৱাক বোকাখাতত বিপুল সম্বৰ্ধনা :

অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ নৱ নিৰ্বাচিত সভাপতি জিতু শৰ্মা ৰাজখোৱাক বোকাখাতত বিপুল সম্বৰ্ধনা  :
Aiidesh Photo
অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ নৱ নিৰ্বাচিত সভাপতি জিতু শৰ্মা ৰাজখোৱাক বোকাখাতত বিপুল সম্বৰ্ধনা  :

অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ নৱ নিৰ্বাচিত সভাপতি জিতু শৰ্মা ৰাজখোৱাক বোকাখাতত বিপুল সম্বৰ্ধনা  : 


Aiidesh News  : 27th December  :


আজি বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ উদ্যোগত আৰু বোকাখাত নাট্য মন্দিৰৰ সহযোগত বোকাখাতত আয়োজিত এক বিশেষ অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ  সভাপতি পদত চতুৰ্থ বাৰৰ বাবে নিৰ্বাচিত হোৱা বোকাখাতৰ জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাক স্থানীয় দল সংগঠনে সম্বৰ্দ্ধনা জনায় ৷ বোকাখাত মহকুমা সংবাদিক সন্থাৰ সভাপতি বুবুল দত্তই পৌৰহিত্য কৰা আৰু সম্পাদক নীলু আচাৰ্যই আঁত ধৰা এই সম্বৰ্ধনা অনুষ্ঠানত ফুলাম গামোছা, সঁফুৰা, চেলেং চাদৰ, মানপত্ৰ আদিৰে নৱ নিৰ্বাচিত সভাপতি গৰাকীক সম্বৰ্ধনা জনায় ৷  উল্লেখ্য যে অলপতে মৰিগাঁও জিলাত সাংবাদিক সংস্থাৰ আতিথ্যত জাগীৰোডত দুদিনীয়াকৈ অনুষ্ঠিত অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ পূৰ্ণাংগ অধিৱেশনত সংগঠনটোৰ সমূহ জিলা প্ৰতিনিধিৰ বিপুল সমৰ্থনত চতুৰ্থ বাৰৰ বাবে জিতু শৰ্মা ৰাজখোৱা সভাপতিৰ পদৰ বাবে নিৰ্বাচিত হয় ।‌  অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ প্ৰতিষ্ঠাপক সভাপতি জিতু শৰ্মা ৰাজখোৱাই অসমৰ কেইবাখনো আগশাৰীৰ বাতৰি কাকতত সাংবাদিকতা কৰি সম্প্ৰতি 'অসমীয়া প্ৰতিদিন' কাকতৰ বোকাখাতৰ সংবাদদাতা ৷ বোকাখাতৰ পৰা প্ৰকাশিত সাপ্তাহিক 'ৰাইজৰ খবৰ'ৰ সম্পাদক জিতু শৰ্মা ৰাজখোৱাই জন্ম লগ্নৰে পৰা সুদীৰ্ঘ সময় বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতিৰ দায়িত্বয়ো পালন কৰিছিল ।


বোকাখাতৰ নাট্য মন্দিৰত অনুষ্ঠিত আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ, অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ নৱ নিৰ্বাচিত কেন্দ্ৰীয় সহ সম্পাদক পলিমা চেতিয়া বসুমতাৰী, বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, বোকাখাত নাট্য মন্দিৰৰ সভাপতি দিলীপ শইকীয়া, জ্যেষ্ঠ সাংবাদিক ড° বাবুলাল মোৰ, বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়া, বিশিষ্ট সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱালা, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী পুতলি খাউণ্ড, বোকাখাত পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মনোৰঞ্জন সেনৰ উপৰিও জিতু শৰ্মা ৰাজখোৱাৰ পৰিবাৰ অৰ্চনা দেৱীয়ে আৰু দুই পুত্ৰও উপস্থিত থাকে । অনুষ্ঠানত জিতু শৰ্মা ৰাজখোৱাক বোকাখাত মহকুমা সাংবাদিক সংন্থা, বোকাখাত নাট্য মন্দিৰ, কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থা, বোকাখাত প্ৰেছ ক্লাব, ইমজা বোকাখাত, কাজিৰঙা নিউজ নেটৱৰ্ক, বোকাখাত মহকুমা কবি সন্মিলন, বোকাখাত পুৱতি সাহিত্য সভা, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলা শাখা, গ্ৰাছ বোকাখাত, বোকাখাত বেজা বৈষ্ণৱ স্মৃতি ৰক্ষা সমিতি, অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ গোলাঘাট জিলা সমিতিকে আদি কৰি প্ৰায় ৩০ দল-সংগঠন আৰু ব্যক্তিয়ে জিতু শৰ্মা ৰাজখোৱাক সম্বৰ্দ্ধনা জনায় । সম্বৰ্দ্ধনা গ্ৰহণ কৰি জিতু শৰ্মা ৰাজখোৱাই আজিৰ অনুষ্ঠানৰ উদ্যোক্তা আৰু উপস্থিত সকলো দল-সংগঠন, ব্যক্তিলৈ ধন্যবাদ জনোৱাৰ উপৰিও বোকাখাতৰ পৰা পোৱা প্ৰেৰণাৰ বাবে সমূহ বোকাখাত বাসীলৈ ধন্যবাদ জ্ঞাপন কৰে । লগতে এগৰাকী সংবাদ কৰ্মী হিচাবে সংবাদ পৰিৱেশনৰ জৰিয়তে সমাজ আৰু জাতিৰ প্ৰতি থকা দায়বদ্ধতাৰ কথাও উল্লেখ কৰে । অনুষ্ঠানৰ আৰম্ভনিতে উদীয়মান শিল্পী তথা বাঁহী বাদক বৰ্ষাগ্নি ডেকাই বাঁহীৰে  বিষ্ণু ৰাভাৰ গীতৰ পৰিবেশন কৰি সকলোকে মোহিত কৰে ৷


অনুষ্ঠানত শিল্পী-নাট্যকৰ্মী মনো বৰা, বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতা, বিশিষ্ট নাট্যকৰ্মী বিমান বৰুৱা, বোকাখাত মইনা পাৰিজাতৰ সভাপতি দুলাল ডেকা, কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ সভাপতি সম্পাদক ক্ৰমে নীলপদ্ম শৰ্মা আৰু ৰঞ্জিত ৰজক, বোকাখাত মহকুমা কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মৃদুস্মিতা শৰ্মা, বিশিষ্ট নাট্যকৰ্মী ননী নাথ, বিশিষ্ট মঞ্চসজ্জাকাৰ মুনিন্দ্ৰ বৰদলৈ, গ্ৰাছ বোকাখাতৰ সভাপতি ইন্দ্ৰেশ্বৰ বৰা, বিশিষ্ট সাংস্কৃতিক কৰ্মী ক্ৰমে হৰিবোলা কালিন্দী আৰু সাখীৰাম মাহাত্বোৰ উপৰিও উদ্যোক্তা সংগঠনৰ বিষয় ববীয়া আৰু বোকাখাতৰ ছপা, বৈদ্যুতিন দুয়োটি মাধ্যমৰ সাংবাদিক সকল উপস্থিত থাকে ।

********