কৃত্ৰিম বানৰ কবলত বৃহত্তৰ গৰিয়া কাৱৈমাৰি অঞ্চল

#nagaon #pwd

নগাঁও জিলাৰ বটদ্ৰৱা - বলিকটীয়া সংযোগী গড়কাপ্তানী পথৰ গৰিয়া কাৱৈমাৰিত থকা কালভাৰ্টৰ পশ্চিম দিশত একাংশ লোকে বৃহৎ পুখুৰী খন্দাৰ ফলত ঐতিহাসিক গৰিয়া জানৰ জলধাৰা বৈ যাব নোৱাৰাৰ পৰিপেক্ষিতত বৃহত্তৰ গৰিয়া কাৱৈমাৰি অঞ্চল বৰ্তমান  কৃত্ৰিম বানৰ কবলত পৰিছে।  যাৰ ফলত শ শ বিঘা কৃষি ভূমিপানীৰ তলত বুৰ যোৱাৰ ফলত কৃষকৰ মাজত এক  হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। দৰিদ্ৰ মীন পালক,পশু পালক সকলৰ বৃস্তৰ ক্ষতি সাধন হৈছে যদিও কানসাৰ নাই বিভাগীয় বৰমূৰীয়াৰ। পানীৰ মাজত অস্বাস্থ্যকৰ পৰিবেশত শিশু তথা বৃদ্ধ লোকে দুখময় জীৱন অতিবাহিত কৰি আহিছে । গড়কাপ্তানী পথত থকা কালভাৰ্টেৰে যুগ - যুগান্তৰ ধৰি বৈ যোৱা পানীভাগ ভেটা দি পুখুৰী খন্দা সন্দৰ্ভত স্থানীয় ৰাইজে ধিং ৰাজহ চক্ৰ বিষয়াক অবগত কৰিছে যদিও আজিকোপতি কোনো ন্যায় নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। কালভাৰ্টৰে বৈ যোৱা পানীভাগ বন্ধ কৰা বিষয়টো নগাঁও জিলা প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় ৰাইজে ।