আজাদী কা অমৃত মহোৎসৱৰ বিশেষ কাৰ্যসুচী : কাজিৰঙাৰ পানবাৰী সংৰক্ষিত বনাঞ্চলত জৈৱ বৈচিত্ৰতা সংৰক্ষণৰ সজাগতা সভা : কুইজ প্ৰতিযোগিতা :

আজাদী কা অমৃত মহোৎসৱৰ বিশেষ কাৰ্যসুচী : কাজিৰঙাৰ পানবাৰী সংৰক্ষিত বনাঞ্চলত জৈৱ বৈচিত্ৰতা সংৰক্ষণৰ সজাগতা সভা  : কুইজ প্ৰতিযোগিতা  :
Aiidesh Photo

Aiidesh News : 14 August  :

স্বাধীনতা দিৱসৰ প্ৰাকক্ষনত বিভিন্ন কাৰ্যসুচীৰে সমগ্ৰ দেশ জুৰি উদযাপিত হৈছে আজাদী কা অমৃত মহোৎসৱ ৷ বোকাখাত মহকুমাতো প্ৰশাসনৰ উদ্যোগত বিভিন্ন কাৰ্যসুচীৰে এই মহোৎসৱ পালন কৰা হৈছে ৷ এই উপলক্ষে আজি বোকাখাতৰ মহকুমা প্ৰশাসন আৰু পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ বোকাখাতত থকা কাৰ্যালয়ৰ উদ্যোগত ছাত্ৰ ছাত্ৰীৰ বাবে বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ এক বিশেষ সজাগতা কাৰ্যসুচী ৰূপায়ন কৰা হয় ৷ বন আৰু বন্য প্ৰাণী সংৰক্ষণৰ সজাগতা সৃষ্টিৰ বাবেই আজি পুৱা ছাত্ৰ ছাত্ৰী সকলক পানবাৰী সংৰক্ষিত বনাঞ্চললৈ লৈ যোৱা হয় ৷ পানবাৰীত পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, মহকুমা দণ্ডাধীশ ঋতুপৰ্না দাস আৰু বিশিষ্ট তথ্য চিত্ৰ নিৰ্মাতা তথা প্ৰকৃতিবিদ বিতোপন কলং আৰু জেষ্ঠ সাংবাদিক উত্তম শইকীয়াৰ নেতৃত্বত ছাত্ৰ ছাত্ৰী সকলক পানবাৰী সংৰক্ষিত বনাঞ্চলৰ জৈৱ বৈচিত্ৰ আৰু ইয়াৰ গুৰুত্ব আৰু সংৰক্ষন আৰু পক্ষী নিৰীক্ষনৰ প্ৰাথমিক জ্ঞান প্ৰদান কৰা হয় ৷ এই কাৰ্যসুচীত বোকাখাত মহকুমাৰ কমাৰগাওঁ মহাবিদ্যালয়, জে ডি এছ জি মহাবিদ্যালয়, চি এন বি মহাবিদ্যালয় আৰু কাজিৰঙাৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে ৷

পৰৱৰ্তী সময়ত পানবাৰী খণ্ড বন কাৰ্যালয়ৰ প্ৰাংগনত ছাত্ৰ ছাত্ৰী পুৱাৰ আহাৰ গ্ৰহন কৰি এক মুকলি কুইজ প্ৰতিযোগিতাত অংশ গ্ৰহন কৰে ৷ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই পৰিচালনা কৰা এই কুইজ প্ৰতিযোগিতাত জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ ৰাজদীপ ডেকাই প্ৰথম, তন্ময় বৰাই দ্বিতীয় আৰু চি এন বি মহাবিদ্যালয়ৰ নয়ন ৰঞ্জন শৰ্মাই তৃতীয় স্থান লাভ কৰে ৷ প্ৰতিযোগিতাৰ শেষত স্থান লাভ কৰা তিনি প্ৰতিযোগীকে মানপত্ৰ আৰু অংশগ্ৰহনকৰা ছাত্ৰ ছাত্ৰীকো উপহাৰ প্ৰদান কৰা হয় ৷ ডি এফ অ' ৰমেশ গগৈ, মহকুমা দণ্ডাধীশ ঋতুপৰ্ণা দাস আৰু গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই বোকাখাত মহকুমা প্ৰশাসনৰ হৈ বিজয়ী ছাত্ৰ ছাত্ৰীক মানপত্ৰ প্ৰদান কৰে ৷

*******